73
ডিজিটেল ডেস্কঃ ভাৰতত আয়ুৰ্বেদিক দৰৱ, প্ৰসাধন আদিৰ সমাদৰ অতীজৰেপৰা আছে। আয়ুৰ্বেদিক সা-সামগ্ৰীৰ বিক্ৰী লাভজনক ব্যৱসায় হ’ব পাৰে যদিও এই ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰা নাছিল কোনোৱে।
কিন্তু এইবাৰ সফলতাৰ অভূতপূৰ্ব নিদৰ্শন দাঙি ধৰি পতঞ্জলি আয়ুৰ্বেদে। অভিলেখ হাৰত মুনাফা লাভ কৰিবলৈ সক্ষম হৈছে আয়ুৰ্বেদিক কোম্পানীটোয়ে। বিগত ২০১৬-১৭ বিত্তীয় বৰ্ষত কোম্পানীটোৰ টাৰ্ণ-অভাৰ পূৰ্বৰ ৫ হাজাৰ কোটিৰপৰা আগবাঢ়ি ১০ হাজাৰ কোটি টকা হৈছে।