সৰভোগঃ শৈক্ষিক পৰিৱেশ বিনস্ত কৰি মৃত্যুৰ মুখে ধাৱমান হোৱা এখন বিদ্যালয় হৈছে বিজয়পুৰ মধ্য ইংৰাজী বিদ্যালয়। ফ’ৰলেনৰ নিৰ্মাণৰ ফলতেই বিদ্যালয়খনলৈ লক্ষণীয়ভাবে কমি আহিছে ছাত্ৰ-ছাত্ৰী।
বৰপেটা জিলাৰ অন্তৰ্গত সৰভোগ নগৰৰ কিছু নিলগত ১৯৮১ চনত স্থাপিত হৈছিল এই বিদ্যালয়খন। বৰ্তমান এইখন শিক্ষানুষ্ঠান ষষ্ট শ্ৰেণীত ৭ জন শিক্ষাৰ্থী, সপ্তম শ্ৰেণীত ১ জন শিক্ষাৰ্থী, অষ্ঠম শ্ৰেণীত ০ শিক্ষাৰ্থীকে ধৰি মুঠ ৮ গৰাকীহে শিক্ষাৰ্থী আছে। তাৰ পৰিবৰ্তে প্ৰধান শিক্ষকে ধৰি মুঠ ৫ জন শিক্ষক আৰু ১ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে।