অসমৰ চাহ বাগান অসমৰ গৌৰৱ… অসমৰ সম্পদ… অসমৰ সন্মান…। চালে চকুৰোৱা দূৰ দূৰণিলৈকে সেউজীয়া কেৱল সেউজীয়াই মানুহৰ কলিজাতো যেন সিঁচি দিয়ে সেউজবুলীয়া ৰং। দৃষ্টিনন্দন সেউজীয়াৰ মাজে মাজে থিয় হৈ থকা ওখ শিৰিষ গছে বঢ়ায় চাহ বাগানৰ সৌন্দৰ্য। ডাঙৰ ডাঙৰ টুকুৰী পিঠিত বান্ধি বুধুৱা-লচমীহঁতে দুহাতেৰে খৰকৈ চাহপাত চিঙি অসমৰ চাহ উদ্যোগক টনকিয়াল কৰাত কিমান সহায় কৰিছে সিহঁতে নিজেই নাজানে৷ মুখত কোনো কষ্টৰ চাপ নাৰাখি, প্ৰখৰ ৰ’দকো নেওচা দি ইহঁতে জানে কেৱল চাহবাগানত কাম কৰিবলৈ৷ সিহঁতে জানে মাথো এটাই কথা, কামকেইটা সোনকালে নকৰিলে আজি ৰাতি চৌকাত জুই নজ্বলিবও পাৰে৷
ৰাখিছোনে খবৰ বুধুৱা-লচমীহঁতৰ