কামপুৰঃ চৰকাৰৰ পৰিবৰ্তন এতিয়া ধোৱা চাঙত৷ সভাই সমিতিয়ে চৰকাৰে পৰিবৰ্তনৰ শ্লোগান দি ফুৰিলেও বাস্তৱপক্ষত কিন্তু পৰিবৰ্তন হোৱা নাই বহু গাঁও-চহৰ৷ তাৰেই প্ৰমাণ বঢ়মপুৰ আৰু ৰহা সমষ্টিৰ এখন দলং৷ যাতায়তৰ বাবে জীয়াতু ভূগী অহা কামপুৰৰ ৰাইজে বঢ়মপুৰ আৰু ৰহা সমষ্টিৰ বিধায়কক দলংখন নিৰ্মাণ কৰিবৰ বাবে কেইবাবাৰো আবেদন জনাইছিল যদিও গুৰুত্ব প্ৰদান নকিৰলে।

বছৰ বছৰ ধৰি এলাগী হৈ থকা কামপুৰৰ ঘিলানী আৰু কাজিৰঙাকে ধৰি প্ৰায় ২০ খন গাঁৱৰ লোকৰ একমাত্ৰ যাতায়তৰ ভৰষা পথটোৰ দলংখন পৰিৱৰ্তনকামী চৰকাৰৰ দৃষ্টিগোচৰ নহ’ল৷

শেষত কাজিৰঙা আৰু কামপুৰৰ ঘিলানীবাসীয়ে পকেটৰ ধন খৰচ কৰি নিজেই সাজিলে দলং খন ৷ ৰাইজৰ পৰা দান বৰঙণি তুলি প্ৰায় ৮ লাখ টকা ব্যয়েৰে ৰাইজে নিৰ্মাণ কৰি উলিয়ালে এখন বাঁহৰ দলং৷ 

বুধবাৰে ৰাইজে নিৰ্মাণ কৰা দলংখনৰ উদ্বোধন কৰে কামপুৰৰ বিশিষ্ট সমাজকৰ্মী কমলেশ্বৰ গোঁহাইয়ে৷ দলংখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি কামপুৰৰ চক্ৰবিষয়াই শীঘ্ৰে দলংখন পকী কৰি স্থানীয় ৰাইজৰ যাতায়তৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়৷