কামপুৰঃ চৰকাৰৰ পৰিবৰ্তন এতিয়া ধোৱা চাঙত৷ সভাই সমিতিয়ে চৰকাৰে পৰিবৰ্তনৰ শ্লোগান দি ফুৰিলেও বাস্তৱপক্ষত কিন্তু পৰিবৰ্তন হোৱা নাই বহু গাঁও-চহৰ৷ তাৰেই প্ৰমাণ বঢ়মপুৰ আৰু ৰহা সমষ্টিৰ এখন দলং৷ যাতায়তৰ বাবে জীয়াতু ভূগী অহা কামপুৰৰ ৰাইজে বঢ়মপুৰ আৰু ৰহা সমষ্টিৰ বিধায়কক দলংখন নিৰ্মাণ কৰিবৰ বাবে কেইবাবাৰো আবেদন জনাইছিল যদিও গুৰুত্ব প্ৰদান নকিৰলে।
বছৰ বছৰ ধৰি এলাগী হৈ থকা কামপুৰৰ ঘিলানী আৰু কাজিৰঙাকে ধৰি প্ৰায় ২০ খন গাঁৱৰ লোকৰ একমাত্ৰ যাতায়তৰ ভৰষা পথটোৰ দলংখন পৰিৱৰ্তনকামী চৰকাৰৰ দৃষ্টিগোচৰ নহ’ল৷