গোৰেশ্বৰঃ ‘‘যোৱা কিছুদিনৰ পৰা বাক্সা জিলাৰ বিভিন্ন অঞ্চলত অবড়ো সুৰক্ষা সমিতিৰ কোনো বিষয়-ববীয়াই নজনাকৈ একাংশ লোকৰ উচটনিত এখন সমিতি থকাৰ পিছতো নতুন সমিতি গঠন কৰি অবড়োৰ সংগ্ৰাম খনত আউল লগোৱাৰ চেষ্টা চলাই থকা হৈছে।’’ এই অভিযোগ অবড়ো সুৰক্ষা সমিতি, অসমৰ সম্পাদক যোগেশ্বৰ কলিতাৰ।
বৃহস্পতিবাৰে অবড়ো সুৰক্ষা সমিতি, অসমৰ সম্পাদক যোগেশ্বৰ কলিতাই এক বিবৃতিযোগে অবড়ো সুৰক্ষা সমিতিৰ সমৰ্থনত জয়ী হোৱা সাংসদ নৱ শৰণীয়াই এতিয়া অবড়ো সুৰক্ষা সমিতিক নাকত ধৰি চাকত ঘূৰাব বিচাৰিছে বুলি অভিোগ উত্থাপন কৰে। ইপিনে যিসকলক লৈ অবড়ো সুৰক্ষা সমিতিৰ নামত নতুন সমিতি গঠন কৰি থকা হৈছে তেওঁলোকৰ অধিকাংশই বিপিএফৰ কৰ্মী।