ডিজিটেল ডেস্কঃ সাহায্যপ্ৰাপ্ত ৰন্ধন গেছৰ পিছত এইবাৰ দাম বাঢ়িল পেট্ৰল আৰু ডিজেলৰ। আন্তৰ্জাতিক বজাৰৰ সৈতে ভাৰসাম্য ৰক্ষা কৰি কেইটামান দিন আগতে সাহায্যপ্ৰাপ্ত ৰন্ধন গেছৰ দাম বৃদ্ধি কৰাৰ পিছতে এইবাৰ একেটা কাৰণতে উৰ্দ্ধমুখী হ’ল দৈনন্দিন যাতায়তৰ অপৰিহাৰ্য সামগ্ৰী দুবিধৰ দৰ।
এইবাৰ পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত ১.৩৯ টকাকৈ বঢ়াৰ বিপৰীতে ডিজেলৰ দাম বাঢ়িল প্ৰতি লিটাৰত ১.০৪ টকা। দেশৰ সৰ্ববৃহৎ খুচুৰা বিক্ৰী কোম্পানী ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনে কয় যে আন্তৰাষ্ট্ৰীয় বজাৰত নিৰিখৰ তাৰতম্য সুক্ষ্মভাৱে বিশ্লেষণ কৰি থকা হৈছে।