newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ পিছতে একেৰাহে তৃতীয়বাৰৰ বাবে বৃদ্ধি হ’ল পেট্ৰলিয়াম সামগ্ৰীৰ মূল্য৷ সোমবাৰে দেশৰ ৪খন মেট্ৰ’ চহৰত পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হোৱাৰ ২৪ ঘন্টা পাৰ নৌহওঁতেই মঙলবাৰে বৃদ্ধি কৰা হৈছিল পেট্ৰল আৰু ডিজেলৰ দাম৷ 

ইয়াৰ পিছতে পুনৰ বুধবাৰে পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধিয়ে জ্বলাকলা খুৱাইছে গ্ৰাহকক৷ মঙলবাৰে প্ৰতি লিটাৰ পেট্ৰলত ১৫ পইচা বৃদ্ধি হোৱাৰ পিছতে বুধবাৰে পুনৰ বৃদ্ধি কৰা হয় ১৬ পইচাকৈ৷ একেদৰে মঙলবাৰে ডিজেলৰ মূল্য ২২ পইচা বৃদ্ধি হোৱাৰ পিছত পুনৰ বৃদ্ধি হয় ২২ পইচা৷ 

বুধবাৰে মাজনিশাৰ পৰা সমগ্ৰ দেশ জুৰি পেট্ৰল আৰু ডিজেলৰ এই নতুন দৰ লাগু হয়৷ 

দিল্লীত পেট্ৰলৰ নতুন দাম ৭৫.১১ টকা প্ৰতি লিটাৰ৷ কলিকতাত ৭৭.৭৬ টকা প্ৰতি লিটাৰ৷ মুম্বাই আৰু চেন্নাইত যথাক্ৰমে ৮২.৮৫ প্ৰতি লিটাৰ আৰু ৭৭.৮৩ প্ৰতি লিটাৰ ধাৰ্য্য কৰা হৈছে৷ 

আনহাতে অসমত পূৰ্বৰ ৭৬.৭৩ টকা প্ৰতি লিটাৰ মূল্যৰ পৰা সোমবাৰে বৃদ্ধি হৈ ৭৬.৮৭ টকা প্ৰতি লিটাৰ হৈছিল৷ মঙলবাৰে পুনৰ দাম বৃদ্ধি হোৱাত এই দাম ৭৭.০৩ টকা প্ৰতি লিটাৰ হয়৷ বুধবাৰে এই দৰ পুনৰ বৃদ্ধি হৈ ৭৭.১৯ টকা প্ৰতি লিটাৰ হয়গৈ৷

উল্লেখ্য যে, তৈল সামগ্ৰীৰ দাম নিয়ন্ত্ৰণৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে তৈল সংস্থা সমূহক প্ৰদান কৰিছিল৷ প্ৰতিদিনৰ বৈঠকত সংস্থাসমূহে তেলৰ দাম বৃদ্ধি বা হ্ৰাস সম্পৰ্কে আলোচনা কৰি দাম নিৰ্ধাৰণ কৰে৷ 
 
কিন্তু আন্তঃৰাষ্ট্ৰীয় বজাৰত অশোধিত তেলৰ মূল্য উৰ্ধ্বমুখী হলেও এপ্ৰিলৰ পৰা প্ৰায় ২০ দিন তেলৰ দাম বৃদ্ধি হোৱা নাছিল৷ আৰু তেতিয়াই আশংকা কৰা হৈছিল যে কৰ্ণাটকৰ নিৰ্বাচন অন্ত পৰাৰ পিছতেই একেধাৰে তেলৰ দাম বৃদ্ধি হ’ব৷