newsnextone.com | ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোডী চৰকাৰৰ কাৰ্যকালত আকৌ বৃদ্ধি হ’ল পেট্ৰল-ডিজেলৰ দাম৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত সাৰুৱা তেলৰ মূল্যবৃদ্ধি হোৱাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে ভাৰততো সাৰুৱা তেলৰ মূল্য বৃদ্ধি কৰে৷ 

দেশৰ ৰাজধানী দিল্লীত প্ৰতিলিটাৰ পেট্ৰলৰ দাম ১৬ পইচাকৈ বৃদ্ধি হৈছে৷ ডিজেলৰ প্ৰতিলিটাৰত ১২ পইচাকৈ বৃদ্ধি হৈছে৷ দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম বৃদ্ধ হৈ পুনৰ ৭৫ টকা ৭১ পইচা আৰু ডিজেলৰ দাম ৬৭ টকা ৫০ পইচা হয়৷