গুৱাহাটীঃ অসম পেট্ৰলিয়াম মজদুৰৰ দাবী চৰকাৰে মানি নোলোৱাত পুনৰ ক্ষোভিত হৈ পৰিছে অসম পেট্ৰলিয়াল মজদুৰ ইউনিয়ন সংগঠনটো। দীৰ্ঘ দিন ধৰি কৰি অহা মজুৰি বৃদ্ধিৰ দাবী অাজি পৰ্য্যন্ত কাৰ্য্যকৰী নোহোৱাত ক্ষোভিত হৈ গেছ লোডিং আন লোডিংৰ কাম বন্ধ কৰাৰ হুংকাৰ দিয়ে সংগঠনটোৱে৷
২০১৬ চনৰ ২১ অাগষ্টতে পেট্ৰললিয়াম মজদুৰ ইউনিয়নে ভাৰতীয় তেল নিগম, হিন্দুস্থান পেট্ৰলিয়াম কৰ্পোৰেচন অাৰু ভাৰত পেট্ৰলিয়াম কৰ্পোৰেচনক নিম্নতম মজুৰি প্ৰদান, পি এফ ই এ অাই পাৰ্কিং অাস্থান নিৰ্মাণ কৰা আদি দাবী মানি নোলোৱাত চৰম পৰ্য্যায়ত উপনীত হোৱা বুলি আজি এক সংবাদমেল যোগে প্ৰকাশ কৰে অসম পেট্ৰলিয়াল মজদুৰ ইউনিয়ন।