নগাঁওঃ বৰ্তমান সময়ত জনপ্ৰিয় হবীসমূহৰ অন্যতম হৈছে ফটোগ্ৰাফী ৷ ফেচবুক, টুইটাৰ আদি ছ’চিয়েল ছাইটসমূহৰ জনপ্রিয়তাই ফটোগ্রাফীৰ প্রতি মানুহক দুগুণে আকর্ষিত কৰিছে ৷ তাৰেই ফলশ্রুতিত এই ছাইটসমূহত নিতৌ আপলোড হয় লাখ লাখ ফটো।
ইয়াৰ ভিতৰত বৃত্তিসূলভ ফটোৰ তুলনাত অনানুষ্ঠানিক ফটোৱে বেছি। এইধৰণেই আপলোড কৰি বহুতেই নিজৰ ফটোগ্রাফীৰ চখ পুৰাই আহিছে। কিন্তু অনানুষ্ঠানিকভাৱে DSLR বা ম’বাইলৰ সহায়ত তোলা এই ফটোবোৰো যে হৈ উঠিব পাৰে উপাৰ্জনৰ উৎস সেই বিষয়েই বেছিভাগ মানুহেই নাজানে।