মৰিগাঁওঃ চিকিৎসালয়ত গাহৰি ফাৰ্ম। শুনিবলৈ আচহুৱা যেন লাগিলেও এয়াই বাস্তৱ। সমগ্ৰ ৰাজ্যতে জাপানীজ এনকেফেলাইটিজৰ টীকাকৰণৰ লগতে সজাগতামূলক অভিযান চলি থকাৰ সময়তে এখন বিশেষ চিকিৎসালয়ত স্থাপন কৰা হৈছে কেবাখনো গাহৰি ফাৰ্ম। ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱাৰ পৰিৱৰ্তে গাহৰি ফাৰ্ম খোলা এই চিকিৎসালয়খন হৈছে মৰিগাওঁ অসামৰিক চিকিৎসালয়।
বানে গৰকা মৰিগাওঁ জিলাবাসীৰ বাবে স্বাস্থ্য সেৱাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ চিকিৎসালয়খনৰ চৌহদতে চিকিৎসালয়খনৰে একাংশ কৰ্মচাৰীয়ে জাপানীজ এনকেফেলাইটিজ ৰোগৰ অন্যতম বাহক গাহৰি ফাৰ্ম নিৰ্বিঘ্নে চলাই থকা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।