শিৱসাগৰঃ শিৱসাগৰ জিলাত আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ যোৱা ১৯ নৱেম্বৰৰ পৰা গাহৰি সৰবৰাহ, গাহৰি মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰি ৰাখিছে জিলা প্ৰশাসনে। কিন্তু এই নিষেধাজ্ঞা ভৰিৰে মোহাৰি আমগুৰিৰ কেইগৰাকীমান ব্যৱসায়ীয়ে বহি:ৰাজ্যৰ পৰা এখন ট্ৰেইলাৰত দুই শতাধিক গাহৰি সৰবৰাহ কৰে।
এই খবৰ লাভ কৰি সদৌ অসম গাহৰি পালক সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে জাঁজীত গৌৰিসাগৰ আৰক্ষীৰ সহযোগত আবদ্ধ কৰে ট্ৰাকখন। কিন্তু এই খবৰ সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককহে ওলোটাই বহি:ৰাজ্যৰ গাহৰি সৰবৰাহ কৰা কেইগৰাকীমান অসাধু ব্যৱসায়ীয়ে দুৰ্ব্যৱহাৰ তথা অভব্য আচৰণ কৰে। বাতৰি সংগ্ৰহত বাধা দিয়াৰ লগতে গালি-গালাজ পাৰি চূড়ান্ত অভদ্ৰামি কৰে বহি:ৰাজ্যৰ গাহৰি আমদানি কৰা ব্যৱসায়ী কেইগৰাকীয়ে।
বাতৰি সংগ্ৰহত ব্যস্ত থকা সাংবাদিকক অসভ্য আচৰণ কৰা ঘটনাক তীব্ৰ গৰিহণা দিছে শিৱসাগৰ জিলা গ্ৰাম্য সংঘ, শিৱসাগৰ ই-মিডিয়া সংস্থা, শিৱসাগৰ জিলা সাংবাদিক সংস্থা, গাহৰি পালক সন্থা, অসমীয়া যুৱ মঞ্চ, আটাছুৰ শিৱসাগৰ জিলা সমিতিকে ধৰি বিভিন্ন দল-সংগঠনে।
আনহাতে বহি:ৰাজ্যৰ পৰা গাহৰি সৰবৰাহ কৰি অসমৰ থলুৱা গাহৰি পালকসকলৰ ব্যৱসায় ধ্বংস কৰিব বিচৰা বিয়াগোম ব্যৱসায়ীসকলক নাকী লগোৱাৰো দাবী জনাইছে গাহৰি পালক সন্থাই। অসমৰ মাজেৰে বহি:ৰাজ্যৰ গাহৰি সৰবৰাহ সম্পূৰ্ণ বন্ধ কৰিলেহে আফ্ৰিকান ছোৱাইন ফিভাৰৰ দৰে ৰোগ নিৰ্মূল কৰিব পাৰিব বুলি উল্লেখ কৰিছে সন্থাই।
এই সন্দৰ্ভত সন্থাই গৌৰীসাগৰ থানাত এখন এজেহাৰো দাখিল কৰে। লক্ষণীয় যে শিৱসাগৰ জিলাত গাহৰি সৰবৰাহ বন্ধ থকাৰ পিছতো কাৰ ছত্ৰছায়াত ট্ৰাকে ট্ৰাকে জিলাখনৰ মাজেদি গাহৰি সৰবৰাহ কৰিবলৈ সক্ষম হৈছে তাক লৈ প্ৰশ্ন উঠিছে। এইক্ষেত্ৰত পশুপালন মন্ত্ৰীগৰাকী, পশুপালন বিভাগৰ উচ্চপদস্থ বিষয়াসকল কিয় নীৰৱ দৰ্শক হৈ আছে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে।
সততে থলুৱা যুৱক-যুৱতীক গাহৰি, হাঁহ-কুকুৰা পালনেৰে স্বাৱলম্বী হ’বলৈ পৰামৰ্শ দিয়া মন্ত্ৰী অতুল বৰা আৰু তেওঁৰ বিভাগে বহি:ৰাজ্যৰ গাহৰি আমদানিৰ সুযোগ দি খোদ অসমৰ থলুৱা গাহৰি পালকসকলৰ মূৰত ৰামটাঙোন মৰাত এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।