নতুন দিল্লীঃ লোকসভা নিৰ্বাচনৰ ছমাহৰ ভিতৰতে উত্তৰ আৰু পশ্চিম ভাৰতৰ একেৰাহে দুখন ৰাজ্যত পুনৰ ৰাজনৈতিক আধিপত্য প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে বিজেপিয়ে। অক্টোবৰত হাৰিয়ানাৰ পিছত নৱেম্বৰত মহাৰাষ্ট্ৰত মহা বিজয় সাব্যস্ত কৰে গেৰুৱা দলটোৱে। এই দুয়োখন ৰাজ্যৰ লোকসভা নিৰ্বাচনত বিৰোধী দলৰ হাতত একপ্ৰকাৰ পৰাস্ত হ’বলগীয়াত পৰিছিল শাসকীয় দলটো। অৱশ্যে বিজেপিৰ অশ্বমেধৰ এই ঘোঁৰা পূব ভাৰতৰ ৰাজ্য ঝাৰখণ্ডত ৰৈ যাবলৈ বাধ্য হৈ পৰে। জনজাতি প্ৰধান ৰাজ্যখনত লোকসভা নিৰ্বাচনত ভাল ফল দেখুৱাবলৈ সমৰ্থ হ’লেও বিধানসভা নিৰ্বাচনত “ইণ্ডিয়া”ৰ হাতত ৰণত পৰে নৰেন্দ্ৰ মোডী-অমিত শ্বাহৰ দল।
মন কৰিবলগীয়া যে, এইবাৰ দুখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ লগতে অসমসহ ১৪খন ৰাজ্যৰ উপ-নিৰ্বাচনত ‘প্ৰতিষ্ঠান বিৰোধী ঢৌ’ৰ কোনো লক্ষণ দেখা নগ’ল। মহাৰাষ্ট্ৰত কংগ্ৰেছ, শিৱসেনা, এনচিপি (শাৰদ)ৰ ‘মহাবিকাশ অঘাড়ি’ক পৰাস্ত কৰি দুই তৃতীয়াংশতকৈ অধিক সংখ্যাগৰিষ্ঠতাৰে পুনৰ ক্ষমতালৈ আহিছে বিজেপি-শিৱসেনা (একনাথ শিন্দে)-এনচিপি (অজিত)ৰ মিত্ৰজোঁট ‘মহাযুটি৷ একেদৰে, ঝাৰখণ্ডতো শাসকীয় জেএমএম-কংগ্ৰেছৰ মিত্ৰজোঁটেই জয়ৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিছে। অনুৰূপধৰণে উপ-নির্বাচনত অসমত বিজেপি, পশ্চিমবংগত তৃণমূল কংগ্ৰেছ, পঞ্জাৱত আপ, কৰ্ণাটকত কংগ্রেছ, উত্তৰপ্রদেশত বিজেপিয়ে ‘শাসকদল সুলভ’ আধিপত্য বৰ্তাই ৰখাত সফল হৈছে।