নতুন দিল্লীঃ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত দেওবাৰে সংঘটিত আক্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বাতৰি যুগুত কৰা পৰ্যন্ত কোনোধৰণৰ মন্তব্য বা টুইট কৰা দেখিবলৈ পোৱা হোৱা নাই। উক্ত ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ ‘মন কী বাত’ জনোৱাৰ লগে লগে সেই বাতৰি গুৰুত্বসহকাৰে প্ৰকাশ কৰিবলৈ সাজু হৈ আছে দেশৰ প্ৰায় প্ৰতিটো সংবাদ প্ৰতিষ্ঠান।
অৱশ্যে, অন্ধ্ৰ প্ৰদেশৰ অভিনেতা তথা YSRCPৰ নেতা মোহন বাবুৱে যোৱা ৬ জানুৱাৰীত নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। আমি এই কথা জানিব পাৰিছো প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ৰুপ ফটোসহ পোষ্ট কৰা এটি টুইটৰ জৰিয়তে।