কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ ৰয়নাডাব্ৰীস্থিত চৰকাৰী এড়ী ফাৰ্মত আজি যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। এড়ী ফাৰ্মৰ এডাল গছত চিপজৰী লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা আনুমানিক ২৫-৩০ বছৰীয়া যুৱতীগৰাকীৰ পৰিচয় বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই।

উল্লেখ্য যে ৰয়নাডাব্ৰীত ১৯৭৩-৭৪ চনতে স্থাপিত হোৱা এড়ী কনচেনট্ৰেট ফাৰ্মত কোনো কৰ্মচাৰী নথকাত সদায়ে এক জয়াল পৰিৱশে বিৰাজ কৰে। সম্প্ৰতি ফাৰ্মখনত নিৰ্মানকাৰ্য চলি থকাত কাম কৰিবলৈ আহি আজি পুৱা শ্ৰমিকে গছত মৃতদেহ ওলমি থকা প্ৰত্যক্ষ কৰি ৰাইজক অৱগত কৰে আৰু পিছলৈ গাওঁবুঢ়াই আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে।

কোকৰাঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেশ বৰ্মনৰ নেৰ্তৃত্বত আৰক্ষীৰ দল এটাই ঘটনাস্থলীত উপস্থিত হৈ চৰমজিন তদন্ত আৰম্ভ কৰে।  প্ৰাথমিক তদন্ত মৰ্মে হত্যাকাণ্ড সংঘটিত কৰি দুৰ্ষ্কৃতিকাৰীয়ে গছত ওলোমাই থোৱাৰ আশাংকা প্ৰকাশ কৰি মৰণোত্তৰ পৰীক্ষা আৰু তদন্তত হে প্ৰকৃত তথ্য বাহিৰ হব বুলি মন্তব্য কৰিছে। 

আনহাতে স্থানীয় গাঁওৱাসীয়ে চৰকাৰী এড়ী ফাৰ্মত নিৰাপত্তাৰক্ষীকে ধৰি আন কোনো কৰ্মচাৰী নথকাৰ সুযোগ গ্ৰহণ কৰিয়ে  দুৰ্ষ্কৃতিকাৰীয়ে অপকৰ্ম সংঘটিত কৰিলে বুলি মন্তব্য কৰিছে।