গুৱাহাটীঃ সমগ্ৰ দেশতে কাইলৈ মুক্তি পাব দীপিকা পাডুকন অভিনীত ‘চপাক’৷ দুদিন আগলৈকে ছবিখনক লৈ চলা চৰ্চা আছিল ইতিবাচক৷ কিন্তু যোৱা মঙলবাৰে অভিনেত্ৰী দীপিকাই জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়(JNU)ত ৫ জানুৱাৰীত সংঘটিত আক্ৰমণৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীসকলে আয়োজন কৰা প্ৰতিবাদী কাৰ্যসূচীত ভাগ লোৱাৰ পিছতে সলনি হৈ পৰে পৰিৱেশ৷
জে এন ইউৰ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত হৈ অভিনেত্ৰীগৰাকী ঘৰলৈ ওভতাৰ কিছু সময় পিছতে ছ’চিয়েল মিডিয়াত ‘চপাক’ ছবিখনক লৈ আৰম্ভ হয় বিতৰ্কৰ সূত্ৰপাত৷ মূলত উগ্ৰ হিন্দুত্ববাদৰ একাংশ সমৰ্থকে কৰা দাবীক লৈ বিতৰ্কত সোমাই পৰে এচিড আক্ৰমণৰ ভূক্তভোগী লক্ষ্মী আগৰৱালৰ জীৱনক ভিত্তি হিচাপে লৈ নিৰ্মাণ কৰা ছবিখন৷