খাৰুপেটীয়াঃ আগন্তুক পঞ্চায়ত নিৰ্বাচন অকলেই খেলিব অগপই। অগপৰ দখলত থকা সমষ্টিসমূহ বিজেপিয়ে দখল কৰিবলৈ চলোৱা প্ৰচেষ্টা প্ৰতিহত কৰিবলৈ অগপ দলেও মনে মনে বহি থকা নাই৷ পঞ্চায়তসমূহ নিজৰ দখললৈ আনিবলৈ ব্যাপক তৎপৰ হৈ পৰিছে অগপৰ শীৰ্ষ নেতৃবৃন্দ।
এই নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে আজি খাৰুপেটীয়াৰ অসম ক্লাবত অনুষ্ঠিত এক দলীয় কৰ্মীসভাত অগপ দলৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বৰ্তমান ৰাজ্য তথা সৰ্বভাৰতীয় পৰ্যায়ত দেখা দিয়া অশান্তি আৰু হিংসা-বিদ্বেষৰ কথা উল্লেখ কৰি কয় যে হিন্দু বাংলাদেশী বিধেয়কখন গৃহীত হ’লে অসমৰ ভাষা আৰু সভ্যতা-সংস্কৃতিৰো বিলুপ্তি ঘটিব।