83
গুৱাহাটীঃ খেতিয়কৰ নামত এতিয়াও বতাহত টকা উৰি আছে, এইখন অসমতে একাংশই এতিয়া হোৰাহোৰে ধন ঘটি আছে। পিছে কেনেকৈ? আপোনালোকক কোনো অৰ্থহীন চাছপেন্সত ৰাখিব বিচৰা নাই।
পোনতেই এই লিংকটোলৈ যাওক। pmkisan.gov.in। এই লিংকটো হ’ল, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ। আপোনাৰো নিশ্চয় মনত পৰিছে, এই আঁচনিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে দুখীয়া কৃষকক বছৰি ন্যুনতম ৬০০০ টকাৰ সাহায্য প্ৰদান কৰিছে। ইতিমধ্যে প্ৰথম কিস্তিৰ ধন কৃষকে লাভ কৰিবলৈ সক্ষম হৈছে।