বিশেষ প্ৰতিবেদনঃ মণিপুৰত মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত যোৱা প্ৰায় আঢ়ৈ মাহ ধৰি হৈ থকা হিংসাত্মক ঘটনাৰ মাজতে বুধবাৰে পোহৰলৈ আহে মণিপুৰৰ দুগৰাকী মহিলাৰ ওপৰত সংঘটিত যৌন নিৰ্যাতনৰ এটি ভয়াৱহ ভিডিঅ’।
বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত দিয়া বক্তব্যত মণিপুৰ ঘটনাৰ কথা উল্লেখ কৰি তেওঁৰ হৃদয় দুখেৰে ভৰি পৰিছে বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই ঘটনাই দেশৰ সন্মান লাঘৱ কৰিছে আৰু ইয়াৰ দোষীসকলক সাৰি যাবলৈ দিয়া নহ’ব। এয়া হৈছে মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমটো প্ৰতিক্ৰিয়া। উল্লেখ্য যে, বিৰোধীয়ে আৰম্ভণিৰে পৰা মণিপুৰক লৈ প্ৰধানমন্ত্ৰীয়ে অৱলম্বন কৰি অহা নীৰৱতাক লৈ প্ৰশ্ন উত্থাপন কৰি আহিছিল।