নতুন দিল্লীঃ সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে সংসদত আয়োজন কৰা আলোচনাত প্ৰধানমন্ত্ৰীৰ ভাষণত উত্থাপন হ’ল কেইবাটাও গুৰুত্বপূৰ্ণ দাবী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত বৈচিত্ৰ্যৰ দেশ, কিন্তু সেই বৈচিত্ৰ্যত ঐক্যই আমাৰ মূল শক্তি।

মোদীয়ে কয়, "আজি কিছুমান মহলে বিভাজনৰ বিষ বিয়পাই ভাৰতৰ ঐক্য বিনষ্ট কৰাৰ চেষ্টা কৰিছে।" তেওঁ লগতে কয়, "ভাৰত কেৱল বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ নহয়, ই গণতন্ত্ৰৰ জননী।" প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে ভাৰতৰ গণতন্ত্ৰ প্ৰাচীন আৰু প্ৰগতিশীল, যিটো সংবিধানত প্ৰতিফলিত হৈছে। কিন্তু বৰ্তমান সময়ত এই সংবিধান দিৱসত অংশগ্ৰহণ নকৰা একাংশ লোকে বিভাজন সৃষ্টিৰ চেষ্টা চলাইছে।

শনিবাৰে সংসদত থিয় হৈ প্ৰধানমন্ত্ৰীয়ে তীব্ৰ কণ্ঠেৰে ঘোষণা কৰে যে, "স্বাধীনতাৰ ১০০ বছৰ উদযাপনৰ সময়ত ভাৰতে এখন উন্নত দেশ হিচাপে আত্মপ্ৰকাশ কৰিব।" তেওঁ দাবী কৰে যে বৰ্তমানৰ চৰকাৰৰ অধীনত দেশৰ উন্নয়নৰ সকলো বাধা আঁতৰোৱা হৈছে। মহিলাসকলক তেওঁলোকৰ সামগ্ৰিক উন্নয়নৰ বাবে অধিক সুযোগ দিয়া হৈছে, দেশৰ ঐক্যৰ বাবে জি এছ টি আৰু ৩৭০ অনুচ্ছেদ বাতিলৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে গান্ধী পৰিয়ালক পোনপটীয়াকৈ আক্ৰমণ কৰি কয় যে সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰৰ ভিতৰত এটা পৰিয়ালে ৫৫ বছৰ শাসন কৰিছিল। কংগ্ৰেছ আৰু সেই পৰিয়ালটোৱে কেতিয়াও সংবিধানৰ ওপৰত আক্ৰমণৰ সুযোগ হেৰুওৱা নাছিল।

মোদীয়ে কয়, "কংগ্ৰেছৰ কুকৰ্মৰ প্ৰভাৱ আজিও দেশত ৰৈ গৈছে, আৰু এই পাপ কেতিয়াও মচিব নোৱাৰি।" মোদীয়ে লগতে কয় যে সংবিধান যেতিয়াই বাধা হৈ পৰিছে তেতিয়াই সংবিধান সলনি কৰাৰ চেষ্টাও হৈছে। ইন্দিৰা গান্ধীৰ ইমাৰ্জেন্সীৰ প্ৰসংগ পুনৰ এবাৰ উত্থাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "ইমাৰ্জেন্সী অৱস্থাৰ দাগ কেতিয়াও মচি পেলাব পৰা নাযায়।"

উল্লেখ্য যে, শুকুৰবাৰে সংসদত দিয়া নিজৰ প্ৰথম ভাষণত গান্ধী পৰিয়ালৰ নৱ-নিৰ্বাচিত সাংসদ প্ৰিয়ংকা গান্ধীয়ে আৰু কিমান বাৰ নিজৰ ব্যৰ্থতা ঢাকিবলৈ মোদীয়ে নেহৰু আৰু ইন্দিৰা গান্ধীৰ ভুলৰ কথা ক'ব বুলি কটাক্ষ কৰিছিল। অৱশেষত বিগত ১০ বছৰৰ দৰে আজিৰ ভাষণতো মোদীয়ে সেই একেই কথাৰেই পুনৰাবৃত্তি ঘটোৱা শুনা গ'ল।

প্ৰিয়ংকা গান্ধীৰ প্ৰতিক্ৰিয়া

প্ৰধানমন্ত্ৰী মোদীয়ে লোকসভাত সংবিধান প্ৰসংগত দিয়া আজিৰ ভাষণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধীয়ে। বায়নাডৰ কংগ্ৰেছৰ নৱ-নিৰ্বাচিত সাংসদ প্ৰিয়ংকা গান্ধীয়েও মোদীৰ ভাষণক লৈ নিজৰ মত ব্যক্ত কৰে। সংসদৰ পৰা বাহিৰলৈ ওলাই অহা সময়ত সাংবাদিকে প্ৰতিক্ৰিয়া বিচৰাত সাংসদগৰাকীয়ে ভাষণক লৈ মোদীক তীব্ৰ কটাক্ষ কৰে।

তেওঁ কয়, ''প্ৰধানমন্ত্ৰীয়ে এটাও নতুন কথা নক’লে। কেবা দশকৰ অন্তত মোৰ অনুভৱ হৈছিল যে যিদৰে স্কুলত গণিতৰ দুটা পিৰিয়ড হৈছিল মই যেন তাতেই বহি আছিলো।’’

প্ৰিয়ংকা গান্ধীয়ে আৰু কয়, ''ভাষণৰ সময়ত জেপি নাড্ডাই নিজৰ হাত দুখন মোহাৰি আছিল। যেতিয়াই মোদীয়ে তেওঁৰ ফালে হঠাৎ চাই দিছিল তেতিয়াই নাড্ডাই ভাষণ মনোযোগেৰে শুনি থকাৰ অভিনয় কৰিবলৈ লাগি গৈছিল। অমিত শ্বাহে মূৰটো লৰাই আছিল। পীয়ুষ গোৱেলক দেখি এনে লাগিছিল যেন তেওঁৰ টোপনি টোপনি ভাৱ আহি গৈছে। মোৰ বাবে এয়া এক নতুন অনুভৱ আছিল।’’

সাংসদ গান্ধীয়ে গৌতম আদানিৰ প্ৰসংগ উল্লেখ কৰিও মোদীক আক্ৰমণ কৰে। তেওঁ কয়, ''মই এনেকৈ ভাবিছিলো যে প্ৰধানমন্ত্ৰীয়ে আজি নতুন কিবা এটা ক’ব, কামত অহা কথা ক’ব। তেওঁ ১১টা অসাৰ সংকল্পৰ কথা কৈছে। যদিহে ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে শূন্য সহনশীল নীতি আছেই তেন্তে আদানিৰ প্ৰসংগক লৈ আলোচনা হ’বলৈ দিয়ক।’’