গুৱাহাটীঃ অসম চৰকাৰৰ একাধিক বিভাগৰ শীৰ্ষ আমোলা-বিষয়াক 'মেনেজ' কৰি ভালেমান বণিক গোষ্ঠীয়ে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত লুন্ঠন অব্যাহত ৰখাৰ অভিযোগ কোনো নতুন কথা নহয়। এনে এক অভিযোগ উত্থাপিত হৈছে মহানগৰীৰ আগশাৰীৰ গাড়ী বিক্ৰেতা প্ৰতিষ্ঠান 'পোদ্দাৰ কাৰ ৱৰ্ল্ড'ৰ বিৰুদ্ধে।
দুবছৰ পূৰ্বে সংঘটিত এক দুস্কাৰ্য্যক বিগত দিন সমূহত গাপ দি ৰাখিছিল অসম চৰকাৰৰ পৰিবহণ আয়ুক্তৰ কাৰ্য্যালয় আৰু কামৰূপ মেট্ৰো জিলাৰ পৰিবহণ বিষয়া(পজ্ঞীয়ন আৰু অনুজ্ঞাপত্ৰ)ৰ কাৰ্য্যালয়ে। newsnextone.comৰ হাতত পৰা তথ্য অনুসৰি ২০১৪ চনৰ ১১ আগষ্টত ৰাজ্যখনৰ দুটাকৈ সংগঠনে কামৰূপ মেট্ৰো জিলাৰ তদানীন্তন DTO(R&L) গৌতম দাসক এক স্মাৰক পত্ৰযোগে অভিযোগ কৰে যে, মেচাৰ্চ পোদ্দাৰ কাৰ ৱৰ্ল্ডে গাড়ী পজ্ঞীয়নৰ নামত অবৈধ ভাৱে গ্ৰাহকৰ পৰা বৃহৎ পৰিমাণৰ মাচুল আদায় কৰি আহিছে আৰু এই অবৈধ পজ্ঞীয়ন মাচুল সংগ্ৰহৰ তথ্যও সংগঠন দুটাই উক্ত স্মাৰক পত্ৰৰ লগত DTO গৌতম দাসক প্ৰদান কৰে।
উক্ত দিনটোতে তদানীন্তন DTO গৌতম দাসে DTK/RL/2014/2718 পত্ৰৰ যোগেদি বিষয়টো তদন্ত কৰাৰ বাবে MVI নীৰেণ শৰ্মা, দুৰ্গা গগৈ আৰু দিগন্ত ডেকাক নিৰ্দেশ প্ৰদান কৰে। ইয়াৰোপৰি তদানীন্তন DTO গৌতম দাসে বিষয়টো পোদ্দাৰ কাৰ ৱৰ্ল্ডক লিখিত পত্ৰ যোগে অবগত কৰে।
কিন্তু কেইবাদিনো উকলি যোৱাৰ পিচতো মেচাৰ্চ পোদ্দাৰ কাৰ ৱৰ্ল্ড আৰু তদানীন্তন পৰিবহণ বিষয়া গৌতম দাসে বিষয়টোক লৈ কোনো ধৰণৰ তৎপৰতা প্ৰদৰ্শন নকৰাত সংগঠন দুটাই কাষ চাপে তদানীন্তন অসম চৰকাৰৰ পৰিবহণ আয়ুক্তৰ। এই সমগ্ৰ বিষয়টো সংগঠন দুটাই ২০১৪ চনৰ ২৫ আগষ্টত পৰিবহণ আয়ুক্তক লিখিতভাৱে অৱগত কৰে।
উক্ত অভিযোগৰ ওপৰত ভিত্তি কৰি তদানীন্তন পৰিবহণ আয়ুক্তই DTO গৌতম দাসক পোদ্দাৰ কাৰ ৱৰ্ল্ডৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। আকৌ ২০১৪ চনৰ ১ ছেপ্তেম্বৰত তদানীন্তন পৰিবহণ আয়ুক্তই পোদ্দাৰ কাৰ ৱৰ্ল্ডে বাণিজ্যিক অনুজ্ঞা পত্ৰৰ চৰ্তাৱলী উলংঘন কৰাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে তাৎক্ষণিক ভাৱে ব্যৱস্থা গ্ৰহন কৰিবলৈ CTC/234/2014 শীৰ্ষক পত্ৰৰ যোগেদি DTO গৌতম দাসক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।
ইয়াৰ পিছতে ২০১৪ চনৰ ৯ ছেপ্তেম্বৰত কামৰূপ মেট্ৰো জিলাৰ পৰিবহণ বিষয়া গৌতম দাসে DTK/RL/2014/3270 শীৰ্ষক নিৰ্দেশনাৰ যোগেদি পোদ্দাৰ কাৰ ৱৰ্ল্ডৰ বাণিজ্যিক অনুজ্ঞাপত্ৰ নিলম্বন কৰে। উক্ত বৃহৎ ব্যবসায়িক প্ৰতিষ্ঠানটোৰ বাণিজ্যিক অনুজ্ঞাপত্ৰ তদানীন্তন DTO (R & L) গৌতম দাসে দুবছৰ পূৰ্বে নিলম্বন কৰাৰ পিছতো প্ৰতিষ্ঠানটোৱে কিদৰে বিলাসী গাড়ীসমূহৰ ক্ৰয়-বিক্ৰয় অব্যাহত ৰাখিছে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।
পৰিবহণ বিভাগৰ এক উচ্ছস্তৰীয় সূত্ৰই অভিযোগ কৰা অনুসৰি উক্ত দুস্কাৰ্য্যৰ লগত কেৱাগৰাকীও শীৰ্ষ পৰিবহণ বিষয়া জড়িত হৈ আছে। তেনেক্ষেত্ৰত পৰিবহণ বিভাগক নিকা কৰা হ'ব বুলি দম্ভালি মাৰি অহা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।