পলাশবাৰীঃ চুলাই মদ সেৱন কৰি শতাধিক লোক নিহত হোৱাৰ পিছতো ৰাজ্যৰ বহু অঞ্চলত আজিও চলি আছে চুলাই মদৰ ৰমৰমীয়া মুকলি বেহা। ইয়াৰে সমান্তৰালভাৱে দক্ষিণ কামৰূপৰ পলাশবাৰী নদীপাৰৰ পুৰাণ কাৰীপাৰাত আবকাৰী বিভাগৰ এটি বৃহৎ দলে অভিযান চলাই চুলাই মদৰ ঘাটি আৰু প্ৰায় দুশ লিটাৰ চুলাই মদ বিনষ্ট কৰে।
মিৰ্জা আবকাৰী সহপৰিদৰ্শক সতীশ বৰ্মনৰ নেতৃত্বত যোৱা মিৰ্জা আবকাৰী চক্ৰ, ছয়গাওঁ আবকাৰী চক্ৰ, বকো আবকাৰী চক্ৰ আৰু পলাশবাৰী আৰক্ষী থানাৰ সহযোগত এই অভিযান চলায়। অভিযান কালত চুলাই মদ প্ৰস্তুত কৰা বহুকেইটা ঘাটি, বাচন-বৰ্তনকে ধৰি বহু সামগ্ৰী নষ্ট কৰে যদিও দলটোক দেখি বহুকেইজন চুলাই প্ৰস্তুত কৰা ব্যক্তি পলাই যাবলৈ সক্ষম হয়।
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি উক্ত পুৰান কাৰীপাৰা অঞ্চলত গঢ় লৈ উঠা এই অবৈধ চুলাইৰ ঘাটিয়ে নিকটৱৰ্তী বহুকেইখন বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি আহিছিল। বিদ্যালয় কেইখনৰ ওচৰতেই মুকলিভাৱে চুলাই মদ বিক্ৰি কৰাত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰিছিলি। এই ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজে বহুবাৰ চুলাই প্ৰস্তুতকাৰীসকলক বন্ধ কৰিবলৈ সকিয়নী দি আহিছিল যদিও কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল অৱশেষত আবকাৰী বিভাগৰ দলে অভিযান চলাইবলৈ বাধ্য হয়।
ইয়াৰ উপৰিও মিৰ্জাৰ মুকলি বজাৰতো অভিযান কাৰী দলটোৱে চুলাই মদ বিক্ৰি কৰা দোকান, ঘৰত অভিযান চলায়।