newsnextone.com | গুৱাহাটীঃ ছচিয়েল মিডিয়াত সাম্প্ৰদায়িক ঐক্য-সংহতি বিনষ্ট কৰিব খোজাৰ অভিযোগ আজিৰ নহয়৷ যোৱা প্ৰায় তিনিটা বছৰত ফেচবুকৰ পেজ, ফেচবুক গ্ৰুপ, হোৱাটছএপ গ্ৰুপ আদিত বিদ্ধেষ মূলক, নিৰ্দিষ্ট জনগোষ্ঠীৰ লোকৰ বিৰুদ্ধে অপমানসূচক-উত্তেজনামূলক পোষ্টা-প্ৰচাৰ তথা শ্বেয়াৰ কৰি আহিছে একাংশ লোকে৷ বিশেষকৈ ফেচবুক গ্ৰুপ জনমত ভক্স পপুলিত দীৰ্ঘদিন ধৰি সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰি আহিছে একাংশ লোকে৷ আন এটা তেনেকুৱা ফেচবুক গ্ৰুপ হৈছে ‘টিভি পেপাৰত নিদিয়া খবৰ’৷ 

বিতৰ্কিত ফেচবুক গ্ৰুপসমূহত প্ৰায়ে পোষ্ট কৰা কেইবাটাও ফেচবুক একাউণ্ট যেনে জয় মা ভাৰত, আদিত্য আত্ৰেয়, জয় দেৱ বিশ্বাস, অমৃত পাল আদিয়ে বিভিন্ন মনেসজা বিভেদকামী খবৰ, অশ্লীল খবৰ প্ৰচাৰ কৰি সাম্প্ৰদায়িক বিষপাষ্প ছটিয়াই আহিছে৷ ফেচবুক গ্ৰুপ আৰু একাউণ্ট কেইটাৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আৰক্ষী থানাত এজাহাৰো দাখিল কৰি থোৱা আছে৷ কেতিয়াবা আহোম জনগোষ্ঠীক, কেতিয়াবা মুছলমানক, কেতিয়াবা পয়গম্বৰ হজৰত মহম্মদক, তেতিয়াবা, হিন্দুৰ দেৱ দেৱীক, কেতিয়াবা জগতগুৰু শংকৰদেৱ-মাধৱদেৱক লৈ অশালীন-অসভ্য মন্তব্য প্ৰকাশ কৰে এই গ্ৰুপৰ সদস্যই৷ ধৰ্মীয় উন্মদনা, সুকীয়া জনগোষ্ঠীক অশ্লীল ভাষাৰে গালি-গালাজ কৰি পৰিবেশ দূষিত কৰাৰ প্ৰয়াস কৰি গৈছে প্ৰায় তিনিটা বছৰ ধৰি এই গ্ৰুপসমূহে৷  

জনমত ভক্স পপুলি নামৰ গ্ৰুপটোৱে ৰাজ্যখনৰ সাতামপুৰুষীয়া ঐক্য-সংহতি বিনষ্ট কৰাৰো অভিযোগ উত্থাপন হৈ আহিছে। গ্ৰুপটোৰ পোষ্টসমূহৰ জৰিয়তে সাম্প্ৰদায়িক সংঘৰ্ষ লগাবৰ বাবে বাৰে বাৰে প্ৰয়াস কৰি থকা হয়৷ সঘনে বিতৰ্কিত মন্তব্য কৰি অহা ভুৱা বুলি সন্দেহ কৰা একাউণ্টসমূহৰ গৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভিন্ন সময়ত দল-সংগঠনে আহ্বান জনাই আহিছে৷ উজনিৰ শক্তিশালী সংগঠন আটাছুৱে ২০১৭ চনৰ ২৫ এপ্ৰিলত এখন এজাহাৰ দাখিল কৰি বিতৰ্কিত ফেচবুক গ্ৰুপটোক নিষিদ্ধ কৰি এডমিনসকলৰ বিৰুদ্ধেও প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল যদিও আৰক্ষীয়ে আজিও নিমাত হৈ থাকিল৷

শেহতীয়াকৈ ফেচবুকৰ মন্তব্য প্ৰকাশ কৰা অসমৰ কেইবাজনো লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সময়তে বিতৰ্কিত গ্ৰুপসমূহৰ বিৰুদ্ধে আৰক্ষীয়ে কেতিয়া ব্যৱস্থা কৰিব তাকে লৈ সচেতন মহলে মন্তব্য প্ৰকাশ কৰিছে। এনে গ্ৰুপ সমূহৰ আৰত প্ৰভাৱশালী লোক জৰিত থকা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ যাৰ দ্বাৰা সমাজখনক ভাগ ভাগ কৰি বিভেদৰ বিজ সিঁচি ৰাজনৈতিক লাভালাভৰ স্বাৰ্থ থাকিব পাৰে বুলি জানিব পৰা গৈছে৷

ফেচবুক গ্ৰুপ জনমত Vox Populi আৰু 'TV PAPER-ত নিদিয়া খবৰ নামৰ গ্ৰুপ দুটা অসমৰ জাতীয় সমাজ জীৱনৰ বাবে ভয়াবহ স্বৰূপ হৈ পৰিছে বুলি কলেও বঢ়াই কোৱা নহ’ব৷ ইয়াৰ সৈতে জৰিত ফেচবুকৰ একাউণ্টক গৰাকীসমূহে নিকৃষ্ট আৰু জঘণ্য প্ৰচাৰ কৰি বৃহত্তৰ সমাজ জীৱনত ঘৃণা আৰু সাম্প্ৰদায়িক বিদ্বেষ বিয়পাই আহিছে মুকলিকৈ৷ কিন্তু অসম আৰক্ষীৰ হাত বান্ধি থোৱা আছে নেকি বুলি সময়ে সময়ে প্ৰশ্ন উত্থাপন হৈ আহিছে৷ দুয়োটা গ্ৰুপক নিষিদ্ধ কৰাৰ বাবে বিভিন্ন সময়ত দাবী জনাই আহিছে যদিও অসম আৰক্ষীয়ে গুৰুত্ব প্ৰদান কৰা নাই৷ 

অসমীয়াৰ স্বাভিমানক অপমান কৰি শংকৰদেৱক লৈ অপমানজনক মন্তব্য প্ৰদান কৰিছিল এই গ্ৰুপটোত৷ বিতৰ্কিত সাম্প্ৰদায়িক গ্ৰুপটোৰ বিৰুদ্ধে সচেতন মহলে দীৰ্ঘদিন ধৰি মাত মাতি আহিছে আৰু অসমৰ সংবাদ মাধ্যমতো কেইবাবাৰো বাতৰি প্ৰকাশ পাইছে। তথাপিও নিমাত ৰাজ্যৰ প্ৰশাসন৷ অসমৰ সমাজ জীৱনৰ প্ৰতি ভাবুকি স্বৰূপ গ্ৰুপ সমূহৰ বিৰুদ্ধে চৰকাৰে কেতিয়া ব্যৱস্থা গ্ৰহণ কৰিব। তাকেই লৈ উত্থাপন হৈছে বৃহৎ প্ৰশ্ন?