বঙাইগাঁওঃ কৰ’না ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি দেশত জাৰি কৰা লকডাউনক যিধৰণে ৰাজ্যৰ অধিকাংশ লোকে সহাৰি জনোৱাৰ বিপৰীতে আন একাংশ লোকে আকৌ বিভিন্ন অজুহাতত ঘৰৰ পৰা বাহিৰলৈ ওলাই অহা দেখা গৈছে৷ যোৱা ৪ দিনৰ দৰেকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত আজিও অব্যাহত আছে লকডাউন উলংঘা কৰা ঘটনা৷ এনে পৰিস্থিতিত ৰাজ্যবাসীক কৰ’নাৰ পৰা মুক্ত কৰি ৰখাৰ স্বাৰ্থত কম-বেছি পৰিমাণে কঠোৰ হৈ পৰিবলৈ বাধ্য হৈ পৰিছে আৰক্ষী প্ৰশাসন৷
দেওবাৰৰ দিনটোত আৰক্ষীৰ এনে কঠোৰ ৰূপ দেখা গ’ল বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সৃজনগ্ৰামৰ আলোকঝাৰি সপ্তাহিক বজাৰত। এই বজাৰখনত আজি দিনৰ ভাগত লকডাউন অমান্য কৰি একাংশ লোকে ভিৰ কৰাৰ খবৰ পোৱাত আৰক্ষীৰ এটা দল উক্ত স্থানত উপস্থিত হয়৷ দণ্ডাধীশ শুভ্ৰম আদিত্য বৰা আৰু অভয়াপুৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক শইকীয়াৰ নেতৃত্বত যোৱা আৰক্ষী দলটোৱে বজাৰত উপস্থিত হৈ বাৰাম্বাৰ লোকসকলক বজাৰ ত্যাগ কৰিবলৈ আহ্বান জনায়। কিন্তু আৰক্ষীৰ আহ্বানলৈ বহুতেই গুৰুত্ব দিয়া পৰিলক্ষিত নহ’ল।