নতুন দিল্লীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ প্ৰিয় ৰেডিঅ’ অনুষ্ঠান ‘‘মন কী বাত’’ৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে৷ আজিৰ 'মন কী বাত’ত মোদীয়ে লকডাউনৰ ফলত বহু কষ্টৰ সন্মুখীন হোৱা জনতাৰ ওচৰত ক্ষমা বিচাৰি কয়, ‘মই দুঃখিত আপোনালোকে কষ্টৰ সন্মুখীন হ’বলগীয়া হোৱা বাবে। কিন্তু আপোনালোকৰ সুৰক্ষাৰ বাবে এই ‘লকডাউন’ৰ বাহিৰে অন্য কোনো পথ নাছিল৷’ ইয়াৰ লগতে অনুষ্ঠানটোত তেওঁ কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি থকা ৰোগী আৰু চিকিৎসকসকলৰ কথাও বৰ্ণনা কৰে৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘পোন প্ৰথমে মই দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিছো৷ মোৰ দৃঢ় বিশ্বাস যে আপোনালোকে মোক ক্ষমা কৰি দিব৷ আমি কিছমান এনেকুৱা সিদ্ধান্ত ল’বলগীয়া হৈছে, যাৰ ফলত আপোনালোকে বহুত কষ্ট ভুগিবলগীয়া হৈছে৷ দেশৰ দৰিদ্ৰ ভাই-ভনীসকলৰ ওচৰতো মই ক্ষমা বিচাৰিছো৷ আপোনালোকে সন্মুখীন হোৱা দুখ-কষ্টবোৰ মই অনুভৱ কৰিব পাৰিছো৷ কিন্তু ১৩০ কোটি দেশবাসীক এই বিপদৰ পৰা ৰক্ষা কৰিবলৈ ইয়াৰ বাহিৰে অন্য কোনো উপায় নাছিল৷ সেইকাৰণেই আমি ইমান কঠোৰ সিদ্ধান্ত ল’বলগীয়া হৈছে৷ এই মহামাৰীৰ দ্বাৰা আক্ৰান্ত হোৱা পৃথিৱীৰ দেশবিলাকৰ অৱস্থা দেখি আমি ভাবিবলৈ বাধ্য হৈছিলো যে ইয়াৰ বাহিৰে আমাৰ হাতত আন কোনো পথেই খোলা নাই৷’

কৰ’না ভাইৰাছে সমগ্ৰ পৃথিৱীখনকেই বন্দী কৰি পেলাইছে আৰু সকলোকে প্ৰত্যাহ্বান জনাইছে বুলিও সদৰী কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ 'মানৱ জাতিক নিচিহ্ন কৰি পেলাবলৈ এই ভাইৰাছটোৱে যেন ককালত টঙালি বান্ধি আহিছে৷ পৃথিৱীৰ সকলো মানৱ জাতিয়ে একেলগে এই ভাইৰাছবিধক ধংস কৰিবলৈ পণ লোৱা উচিত৷ কোনো মানুহেই নিয়ম ভাঙিব নিবিচাৰে, কিন্তু এতিয়াও কিছুসংখ্যক লোকে এই ‘লকডাউন’ৰ নিয়ম-নীতি উলংঘা কৰা দেখা গৈছে৷ তেওঁলোকে বোধহয় পৰিস্থিতিৰ গম্ভীৰতা বুজি পোৱা নাই৷’-মোদীৰ আক্ষেপজনক মন্তব্য।
  
PM মোদীয়ে আৰু কয়, ‘আৰোগ্যই হৈছে সকলোতকৈ ডাঙৰ ধন৷ নিয়ম ভঙাসকলে নিজৰ আৰু আনৰ স্বাস্থ্যৰ সুৰক্ষাৰ লগত ধেমালি কৰিছে৷ এনেকুৱা কৰিলে এই ভয়ানক ভাইৰাছবিধৰ আক্ৰমণৰ পৰা হাত সৰাতো বৰ কঠিন কাম হ’ব৷ কৰ’না ভাইৰাছৰ বিৰুদ্ধে হোৱা এই যুদ্ধখনত চিকিৎসক, পেৰা-মেডিকেল আৰু অন্যান্য বহুত ক্ষেত্ৰৰ কৰ্মীসকলে দেশবাসীৰ বাবে যুদ্ধ কৰি আছে৷ মই সেই সকলো যোদ্ধাকেই ধন্যবাদ জনালো৷ কোনো টকা-পইচা বা আন কোনো ধৰণৰ লাভৰ কামনা নকৰি কেৱল ৰোগীৰ প্ৰতি সেৱাৰ ভাৱ ৰাখি কাম কৰি যোৱা সকলেই সৰ্ব শ্ৰেষ্ঠ চিকিৎসক৷’ 

চিকিৎসা কৰ্মীসকল আজিৰ মন কী বাতত বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে মোদীয়ে। 'যিসকল আজি আমাৰ ফ্ৰন্টলাইনৰ যোদ্ধা, বিশেষকৈ আমাৰ নাৰ্ছ ভনীসকল, নাৰ্ছৰ কাম কৰা আমাৰ ভাই সকল, পেৰা-মেডিকেল ষ্টাফসকল আমাৰ এনেকুৱা সহযোগী যিসকলে ইতিমধ্যেই কৰ’না ভাইৰাছক পৰাজিত কৰিছে৷ এই সকল মহান যোদ্ধাৰ পৰা আমি দেশবাসীয়ে প্ৰেৰণা লোৱা উচিত৷ বন্ধুসকল, এই যুঁজখনত আমাৰ সহযোগীসকলে সমগ্ৰ দেশখনক এই সংকটৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰি আছে৷ এওঁলোকে আমাক যি কৰিবলৈ কয় আমি সেইবোৰেই কৰা উচিত৷’-মোদীৰ ধন্যবাদসূচক মন্তব্য।

প্ৰধানমন্ত্ৰীজনে আৰু কয়, ‘মানৱতাৰে আমাৰ সেৱা কৰি অহা সকলো নাৰ্ছকেই আমি প্ৰণাম জনালো৷ আপোনালোকে যি সেৱাৰ মনোভাৱেৰে কাম কৰি আহিছে সেয়া অতুলনীয়৷ মনকৰিবলগীয়া যে এই বছৰটো(২০২০) আন্তৰ্জাতিক নাৰ্ছ আৰু মিডৱাইফ ইয়েৰ হিচাপে পালন কৰা হ’ব৷ আপোনালোকৰ নিচিনা সহযোগী যেনে চিকিৎসকেই হওক, নাৰ্ছেই হওক, পেৰা-মেডিকেলেই হওক, আশা কৰ্মীয়েই হওক, এএনএমেই হওক বা চাফাই কৰ্মীয়েই হওক, আপোনালোকৰ সুৰক্ষাৰ কাৰণেও দেশবাসীয়ে বহুত চিন্তা কৰিছে৷ সেইকাৰনে আপোনালোকৰ নিচিনা প্ৰায় ২০লাখ সহযোগীৰ কাৰণে আমি ৫০ লাখ টকা পৰ্য্যন্ত বীমাৰ ব্যৱস্থা কৰিছো৷ আপোনালোকে আপোনালোকৰ ওচৰৰ সৰু সৰু দোকানবিলাকৰ কথাই এবাৰ ভাৱকচোন, সেই ড্ৰাইভাৰসকল, সেই বনুৱাসকলৰ বিষয়ে এবাৰ ভাৱকচোন যিসকলে নিৰৱিচ্চিন্নভাৱে নিজৰ নিজৰ কামত ব্ৰতী হৈ থাকি দেশৰ চাপ্লাই ছেইনডালত কোনো ধৰণৰ বাধা আহিবলৈ দিয়া নাই৷ এইসকলে আমাক যি কথা কয় সেয়া আমি কেৱল শুনিবই নালাগে, নিজৰ জীৱনতো প্ৰতিফলিত কৰিব লাগে৷’
 
বেংক, ইণ্টাৰনেট আৰু সংবাদ সেৱাৰ সৈতে জড়িতসকলৰ কথাও আজিৰ মন কী বাতত উল্লেখ কৰে মোদীয়ে। ‘অকণমান চিন্তা কৰকচোন, লকডাউনৰ সময়চোৱা আপোনালোকে যি টিভি চাই থাকিব পাৰিছে, যি মোৱাইল ব্যৱহাৰ কৰিব পাৰিছে বা যি ইন্টাৰনেট ব্যৱহাৰ কৰিব পাৰিছে সেই সেৱাবিলাক সুচাৰুভাৱে চলি থকাৰ পিছতো বহুত মানুহৰ হাত আছে৷ আপোনালোকে নিশ্চয় মন কৰিছে যে বেংকিং সেৱাৰ নিচিনা অত্যাবশ্যকীয়া সেৱা সমূহক চৰকাৰে চলাই থাকিবলৈ নিৰ্দেশ দিছে আৰু এই বেংকিং সেৱাৰ লগত কাম কৰি থকা কৰ্মচাৰীসকলে এই সময়ত মন-প্ৰাণ দি আপোনালোকৰ সুবিধাৰ কাৰণে কাম কৰি গৈছে৷ এইসকল লোকক যিমান ধন্যবাদ দিলেও কম হ’ব৷’-মোদীয়ে কয়।

আনহাতে কৰ’না আক্ৰান্ত লোকসকলৰ প্ৰতি একাংশ লোকে কৰা দুৰ্ব্যৱহাৰৰ কথাও আজিৰ অনুষ্ঠানটোত উনুকিয়াই দি তেনে নকৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে। 'বন্ধুসকল,কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা বা ‘হোম কোৱান্টাৰাইন’ থাকিবলৈ দিয়া বহুতো মানুহক আমাৰ মাজৰেই কিছুমানে বহুত বেয়া ব্যৱহাৰ কৰি থকা বুলি আমি জানিব পাৰিছো৷ এইবোৰ ঘটনা শুনি আমিও অত্যন্ত ব্যাথিত হৈছো৷ এনেকুৱা ঘটনাবোৰ বৰ দূৰ্ভাগ্যজনক৷ মই আপোনালোকক জনাব বিচাৰো যে এনেকৈ কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত লোকসকল কোনো অপৰাধী নহয়৷ তেওঁলোকে আনক এই বেমাৰৰ পৰা বচাবলৈহে এনেকৈ নিজকে আতঁৰাই ৰাখিছে৷ অনুগ্ৰহ কৰি এনে মানুহক বেয়া ব্যৱহাৰ নকৰিব৷’-মোদীৰ আহ্বান।

আজিৰ মন কী বাতত প্ৰধানমন্ত্ৰী মোদীয়ে কৰ’না ভাইৰাছ মহামাৰীৰ পৰা দেশখনক ৰক্ষা কৰা কামত চৰকাৰক সহায় কৰিবলৈকো প্ৰতিগৰাকী নাগৰিককে আহ্বান জনায়৷ প্ৰধানমন্ত্ৰী মোডীয়ে টুইটযোগে দেশৰ জনতাক এইদৰে আহ্বান জনাই কয়, ‘দেশবাসীয়ে COVID-19ৰ বিৰুদ্ধে চৰকাৰক সহায় কৰিবলৈ আগ্ৰহ কৰিছে৷ দেশবাসীৰ এই ভাৱনাক সন্মান জনাই ‘PM-CARES Fund’ৰ গঠন কৰা হৈছে৷ এই কোষৰ সভাপতি প্ৰধানমন্ত্ৰী নিজেই আৰু দেশৰ বহুতো উদ্যোগপতি আৰু বলীউডৰ অভিনেতাই এই সাহায্য কোষলৈ দেশৰ কৰ’না আক্ৰান্তৰ সহায়ৰ বাবে দান-বৰঙণি আগবঢ়াইছে।’

মনকৰিবলগীয়া যে বিশ্বৰ আন আন দেশসমূহৰ দৰেকৈ ভাৰততো এই মহামাৰীবিধে অতি ভয়ংকৰভাৱে তাণ্ডব চলাবলৈ ধৰিছে। পৃথিৱীৰ ১৮০খনৰো অধিক দেশত বিয়পি পৰা এই মহামাৰীয়ে এতিয়ালৈকে ২৮০০০ৰো অধিক মানুহৰ প্ৰাণ লৈছে। গোটেই পৃথিৱীতেই প্ৰায় ৬ লাখৰো অধিক লোক এই মহামাৰীৰ কৱলত পৰি অসুস্থ হৈছে। ভাৰতত এই ভাইৰাছৰ দ্বাৰা এতিয়ালৈকে ১০০০ৰো বেছি লোক সংক্ৰমিত হৈছে, ৮৭ৰো অধিক লোকে এই ভাইৰাছক পৰাজিত কৰি আৰোগ্য লাভ কৰিছে আৰু ২৫ জনৰো অধিক লোকে নিজৰ প্ৰাণ হেৰুৱাইছে। দেশৰ প্ৰায় সকলো ৰাজ্যতে এনে ৰোগী চিনাক্ত কৰি এই মহামাৰীৰ পৰা দেশবাসীক ৰক্ষা কৰিবলৈ যথাসম্ভৱ সকলো জৰুৰী ব্যৱস্থা হাতত ল’বলৈ তৎপৰ হৈ পৰিছে চৰকাৰ।