Printer-friendly version

মুকালমুৱাঃ নলবাৰী জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে এজন আৰক্ষী জোৱানে৷ নলবাৰী জিলাৰ দক্ষিন প্ৰান্তৰ বৰক্ষেত্ৰী সমষ্টিৰ বৰতলা গাঁওৰ প্ৰয়াত দণ্ডিৰাম বৰ্মনৰ পুত্ৰ দশম আৰক্ষী বাহিনীৰ জোৱান দীনেশ বৰ্মনক সাহসিকতাৰ সন্মান যাচে ৰাজ্য চৰকাৰে৷

দশম আৰক্ষী বাহিনীৰ জোৱান দীনেশ বৰ্মনে কিছুবছৰ পূৰ্বে উগ্ৰপন্থী বিৰুদ্ধে অভিযানত নিজৰ সাহসিকতাৰ পৰিচয় দাঙি ধৰিছিল৷ যাৰ বাবে ১৫ আগষ্টত খানাপাৰাত অনুষ্ঠিত ৰাজ্য চৰকাৰে পালন কৰা স্বাধীনতা দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওক সাহসিকতাৰ সন্মান অৰ্পণ কৰে৷

দীনেশ বৰ্মনে গৌৰৱ কঢ়িয়াই আনে বৃহত্তৰ বৰতলা অঞ্চললৈ৷