বঢ়মপুৰঃ চামগুৰিৰ কাৱৈমাৰি থানাত বৃহস্পতিবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ডকাইতি কাণ্ডৰে জড়িত থকা এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল নগাঁও আৰক্ষী। অভিযুক্ত নুৰ মহম্মদক কাৱৈমাৰিৰ পৰা গ্ৰেপ্তাৰ কৰিছিল নগাওঁ জিলাৰ উপ-আৰক্ষী অধীক্ষক অসীমা কলিতাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে।
নগাওঁ জিলাত সংঘটিত বহু কেইটা ডকাইতিৰে জড়িত থকাৰ অভিযোগ আছে দূধৰ্ষ নুৰ মহম্মদৰ বিৰুদ্ধে। কিন্তু ৰহস্যজনক ভাৱে অভিযান কালত আৰক্ষীয়ে স্থানীয় ৰাইজৰ ওপৰত নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি কাৱৈমাৰি থানা ঘেৰাও কৰি একাংশই উত্তপ্ত কৰি তোলে পৰিস্থিতি।