newsnextone.com | বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ ১৭ নং বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক ডা০ নোমল ম’মিনৰ খবৰৰ ভিত্তিত বোকাজান মহকুমাৰ অন্তৰ্গত খটখটি আৰক্ষী থানাৰ আৰক্ষীয়ে ২৭ জুলাইত এমএন-০৬-টি-০৭৭৭ নম্বৰৰ এখন ৰাসায়নিক সাৰ ভৰ্তি ট্ৰাক জব্দ কৰে ৷ অৱশ্যে ট্ৰাকখনত ইউৰিয়া থকাৰ সন্দেহ কৰা হৈছিল যদিও আৰক্ষীৰ অনুসন্ধানত তাত চুপাৰ ফছফেট আৰু কৃষি কাৰ্যত ব্যৱহৃত অন্যান্য ৰাসায়নিক দ্ৰব্যহে পোৱা গৈছিল ৷
আৰক্ষীৰ এক সূত্ৰ মতে ৰাসায়নিক সাৰভৰ্তি ট্ৰাকখনৰ সামগ্ৰীসমূহ গুৱাহাটীৰ পৰা মণিপুৰলৈ নিবৰ বাবে অসম-নগালেণ্ড সীমান্তৰ খটখটি আৰক্ষী থানাৰ অন্তৰ্গত ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰৈ আছিল ৷ আৰক্ষীৰ প্ৰাৰম্ভিক অনুসন্ধানত ট্ৰাকখন আৰু তাত থকা কৃষিকাৰ্যত ব্যৱহৃত ৰাসায়নিক দ্ৰব্য সমূহৰ নথি-পত্ৰ সমূহ সঠিকভাৱে পোৱা যায় বুলি জানিব পৰা গৈছে। যদিও বিধায়ক ডা০ নোমল ম’মিনে আৰক্ষীক অৱগত কৰে যে পূৰ্বতেও এনে নথি-পত্ৰৰে অসমৰ কৃষকৰ বাবে যোগান ধৰা চৰকাৰী ৰেহাই মূল্যৰ সাৰভৰ্তি ট্ৰাক মণিপুৰলৈ গৈ থকা অৱস্থাত জব্দ কৰি নথি-পত্ৰ সমুহ ভুৱা বুলি প্ৰমাণিত হৈছিল ৷