ডিজিটেল ডেস্কঃ চুপাৰ পাৱৰ আমৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ কন্যা ইভানকা ট্ৰাম্প আহিব ভাৰতলৈ। নৰেন্দ্ৰ মোডীয়া আমেৰিকা ভ্ৰমণৰ সময়ত ডোনাল্ড ট্ৰাম্পৰ কন্যাক ভাৰতলৈ নিমন্ত্ৰণ দি আহিছিল। শেহতীয়াকৈ বিশেষ ভ্ৰমণসূচী লৈ ট্ৰাম্পৰ কন্যা ইভানকা ট্ৰাম্প হায়দৰাবাদলৈ আহিব। হায়দৰাবাদ প্ৰশাসন এতিয়া ব্যস্ত হৈ পৰিছে ইভনকাক আদৰণী জনাবলৈ। 

চুপাৰ পাৱাৰ দেশৰ চুপাৰ কন্যাক আদৰিবলৈ বাট-পথ চাফ-চিকুণ কৰাৰ লগতে পথৰ দাতিৰ পৰা আঁতৰাই নিছে পথৰ দাতিত বাস কৰা লোকসকলক। পথত বসবাস কৰা ভিক্ষাৰী সকলক এটি বিশেষ ঠাইত ৰখাৰ ব্যৱস্থা কৰে। তাৰ মাজতে ঘটিল এক আঁচৰিত ঘটনা। তাৰ মাজতে দুগৰাকী বিশেষ ভিক্ষাৰী উদ্ধাৰ হয়।

এই দুগৰাকী ভিক্ষাৰীৰ কথা অৱগত হৈ আচৰিত হৈ পৰে আৰক্ষী৷ ভিক্ষাৰী বুলি দুগৰাকী পঢ়া শুনা কৰা উচ্চ শিক্ষিত মহিলাক উঠাই আনে আৰক্ষীয়ে৷ 

এই দুয়োগৰাকী মহিলাৰ বিষয়ে আৰক্ষীয়ে তেতিয়াহে অৱগত হয় যেতিয়া মহিলা দুগৰাকীয়ে ইংৰাজীত কথা কবলৈ ধৰে৷ এই ঘটনাৰ বিষয়ে হায়দৰাবাদ আৰক্ষীৰ উপ-পৰিদৰ্শক কে.অৰ্জুন ৰাৱে হায়দৰাবাদৰ লংগৰ হোজ দৰগাহৰ বাহিৰত কেইবাজনো ভিক্ষাৰী বহে বুলি কয়।

তাৰে ভিতৰত ১১ নৱেম্বৰত ১৩৩ গৰাকী মহিলা ভিক্ষাৰীক প্ৰশাসনে আনন্দ আশ্ৰমলৈ লৈ আহে৷ তাতেই সকলোকে সোধ-পোছ কৰি থাকোতেই দুগৰাকী মহিলাই আৰক্ষীৰ সৈতে ইংৰাজীত কথা কবলৈ আৰম্ভ কৰে৷ পিছত দুয়োগৰাকী মহিলাৰ তথ্য উদ্ধাৰ হোৱাত দুয়োগৰাকী সম্ভ্ৰান্ত ঘৰৰ বুলি তথ্য ওলাই পৰে।

ইয়াৰে ভিতৰত এগৰাকী বিজনেছ ষ্টাডিজত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হোৱাৰ লগতে লণ্ডনত একাউনটেন্ট হিচাপে কাম কৰিছিল৷ বৰ্তমানে হায়দৰাবাদত এটা ফ্লেট বসবাস কৰে৷ কিছু বছৰ পুৰ্বে স্বামীৰ মৃত্যু হোৱাত শান্তি লাভৰ বাবে দৰগাহৰ সমুখত ভিক্ষা খুজি আছিল৷ 

আনহাতে আনগৰাকী মহিলা গ্ৰীণ কাৰ্ড হোল্ডাৰ আৰু বহুতো সম্পত্তিৰ মালিক৷ দুয়োগৰাকী মহিলাৰ সম্পূৰ্ণ পৰিচয় সমুখলৈ অহাত পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰি গতাই দিয়ে।