লালুকঃ এ আৰ চি উন্নিতকৰণৰ নামত ৰাজ্য চৰকাৰে ষড়যন্ত্ৰ কৰাৰ অভিযোগ তুলি আৰু এন আৰ চিৰ খচৰা প্ৰস্তুত ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰস্তুতকৰণৰ দাৱীত মঙলবাৰে লালুকৰ কৰুণাবাৰী উন্নয়ন খণ্ডৰ প্ৰাংগনত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷
লখিমপুৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ৰূপায়ন কৰা অৱস্থান ধৰ্মঘটৰ অন্তত কৰুণাবাৰী খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং আৰু এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰাতিক হাজেলালৈ পত্ৰ প্ৰেৰণ কৰে৷