newsnextone.com | গুৱাহাটীঃ প্ৰতিখন সমাজৰ শান্তি প্ৰিয় লোকসকলে ধৰ্ম-জাতি-বৰ্ণ নিৰ্বিশেষে সমাজ খনত সকলোকে মিলি জুলি থকাটো কামনা কৰে৷ সমাজখনত শান্তি থাকিলেহে সমাজ খনৰ উন্নতি হ’ব৷ সেই কথা সচেতন লোকে জানে৷ ধৰ্মৰ নামত সমাজ কেতিয়াও ভাগ ভাগ হোৱা নাছিল সেই কথা অসমৰ গাঁও কেইখন অধ্যয়ন কৰিলে ভালদৰে বুজি পোৱা যায়৷ 

একেখনে গাঁৱতে দুঘৰ আদিবাসী, দুঘৰ গৰিয়া, কেইঘৰমান কোচ, কলিতা, ব্ৰাহ্মণ, বড়ো আদি জাতি-জনগোষ্ঠীৰ লোক বাস কৰে৷ সমাজৰ শান্তি প্ৰিয় মানুহে জানে সমাজ সদায় সুস্থ হৈ থাকিব লাগে৷ সতি-সন্ততিৰ উন্নতি, শিক্ষা-দীক্ষা সুস্থ সমাজতহে সম্ভৱ৷ অতীজৰে পৰা সমাজ প্ৰিয় লোকসকলে একতাৰ ডোলেৰে বান্ধ খাই বসবাস কৰি আহিছে৷ সমাজ খনত নতুবা গাঁও খনত হোজা ৰাম-ৰহিমে একেলগে বাস কৰি আহিছে৷ 

তাত কাৰো অসুবিধা থাকিব নোৱাৰে৷ যেতিয়াই সমাজখনত সমস্যাৰ সৃষ্টি হ’ব তেতিয়া দেখা যায় সমাজ খন লাহে লাহে অস্থিৰ হ’ব ধৰিছে৷ অশান্তি বিয়পিব৷ সতি-সন্ততিয়ে দোষীত পৰিবেশত জীয়াই থাকিব লাগিব৷ যাৰ বাবে সভ্য সমাজৰ প্ৰতিগৰাকী লোকে ধৰ্মীয় উন্মাদনা পৰিহাৰ কৰি চলে৷ ধৰ্মৰ নামত যুদ্ধ কৰিলে সাম্প্ৰদায়িক সংহতি বিনষ্ট হোৱাৰ লগতে এক অসুস্থ পৰিবেশত মানুহে বসবাস কৰিব লগা হয়৷ এক অবিশ্বাস আৰু শংকাৰ মাজত মানুহে সময় পাৰ কৰিব লগা হয়৷ কিন্তু অসমত আজিলৈ তেনেকুৱা পৰিবেশ হ’বলৈ দিয়া নাই সভ্য সমাজে৷

পুৱাই একলগে কামলৈ ওলাই যোৱাৰ পৰা আৰম্ভ কৰি নিশালৈ সমাজত সকলোৱে মিলিজুলি থাকে৷ বিপদৰ কালত ইজনে-সিজনক সহায় কৰিবলৈ ওলাই আহে৷ বিপদত পৰা পৰিয়ালটো কোন ধৰ্মৰ সেই কথা কোনেও নাভাবি বিপদত পৰা পৰিয়ালটোৰ চোতালত সকলোৱে একত্ৰিত হৈ মাত এষাৰ দিয়ে৷ সেই সময়ত বিচাৰ কৰা নহয় কোন আব্দুল কোন ৰাম৷ অতীজৰে পৰা ৰাম ৰহিমৰ বিচাৰ কৰা হোৱা নাই৷ 

ৰাম ৰহিমৰ যে কেতিয়াবা বিচাৰ কৰা হ’ব সেয়া ভবাটো অসম্ভৱ আছিল৷ কিয়নো অতীজৰ পৰা হিন্দু-মুছলমানে এডাল ডোলেৰে কটকটীয়া কৈ বান্ধ খাই আছে৷ সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া হৈ আছে সমাজ ব্যৱস্থাত৷ এজন হিন্দু অবিহনে মুছলমানে চলিব নোৱাৰে৷ এজন মুছলমান অবিহনে হিন্দু চলিব নোৱাৰে৷ সেই বাবেই ভেদভাব তাহানিও নাছিল আৰু আজিও নাথাকিব বুলি বিশ্বাস কৰিব পাৰি৷  

কিন্তু দেখা যায় যে যোৱা এটা বছৰ ধৰি ৰাজ্যৰ চৌদিশে এক উত্তজনামূলক পৰস্থিতিয়ে বিৰাজ কৰিছে৷ সংঘৰ্ষপূৰ্ণ এক পৰিস্থিতিতে ছচিয়েল মিডিয়াত এটি বিশেষ ধৰ্মৰ লোকৰ বিৰুদ্ধে ব্যাপক অপপ্ৰচাৰ চলাই অহা পৰিলক্ষিত হৈছে৷ ৰাজহুৱা স্থানত একাংশ নেতাই এটা ধৰ্মৰ লোকক টাৰ্গেট কৰি আগবঢ়াই অহা বক্তব্যই ৰাজ্য খন জ্বলাব বুলি সৰ্বসাধাৰণ লোকে আশংকা ব্যক্ত কৰি আহিছে৷ 

ৰাজ্য খনত সাম্প্ৰদায়িক সংঘৰ্ষ লগাই কোনো এটা পক্ষই যেন কোনো বিশেষ লাভালাভ কৰিব বিচাৰিছে৷ সমাজ খনত জুই জ্বলাই কি লাভ কৰিব সেয়া কোৱা টান৷ কিন্তু ৰাজনৈতিক লাভালাভ যে হ’ব সেয়া খাতাং৷ মুছলমানৰ বিৰুদ্ধে বিষ যিমানে ছটিয়াব পৰা যাব সিমানে হিন্দুসকল একত্ৰিত হ’ব বুলি ধাৰণা কৰে ৰাজনীতি কৰাসকলে৷ এটি সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণাৰ ভাব জন্মাব পাৰিলে ভোট লাভ কৰাত যে সহজ হ’ব সেয়া খাতাং বুলি ভাবে৷ কিন্তু সমাজ খনত অশান্তিৰ পৰিবেশৰ মাজলৈ প্ৰক্ষেপ কৰাৰ ফলত একেকুৰা জুইয়ে সকলোকে দহিব সেই কথা হয়তো ভোটৰ বেপাৰ কৰা সকলে আজিলৈ বুজা নাই৷ 

ৰাজ্য খনত যাতে এক অবাঞ্চিত উত্তজনাময় পৰিস্থিতিৰ সৃষ্টি হয় তাৰ বাবে ছচিয়েল মিডিয়াত বিভিন্ন অপপ্ৰচাৰ চলোৱাৰ লগে লগে ৰাজ্যত যোৱা দুটা মাহৰ ভিতৰত সংঘটিত হৈছে চাৰিটাকৈ অবাঞ্চিত ঘটনা৷ ত্ৰিপুৰাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে যোৱা ১৩ মাৰ্চৰ নিশা কোকৰাঝাৰ সদৰ চহৰস্থিত শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি দুৰ্বৃত্তই হাতুৰীৰে কোবাই ভাঙি পেলাইছিল৷

তাৰ লগে লগে ৩ মে’ত নলবাৰী জিলাত আৰু ২ মে’ত গোৱালপাৰাত আইচিচৰ পতাকা উদ্ধাৰ হয়, ৩ মে’ত বৰপেটাত ব্ৰইলাৰ ব্যৱসায়ীয়ে হিন্দুক গালি দি পাকিস্তানক সমৰ্থ কৰে ফেচবুক যোগে৷ শেহতীয়াকৈ যোৱা তিনি মে’ত এগৰাকী ব্ৰইলাৰ ব্যৱসায়ীৰ নামত আন এগৰাকী লোকে হিন্দুৰ বিৰুদ্ধে আৰু পাকিস্তানৰ সপক্ষে ফেচবুক পোষ্ট দিয়াত আকৌ এবাৰ ৰাজ্যত উত্তেজনাই বিৰাজ কৰিছে৷ 

ফলত জিলা তিনিখনৰ লগতে সমগ্ৰ ৰাজ্যত উত্তেজনামূলক পৰস্থিতিৰ সৃষ্টি হয়৷ যেতিয়া নলবাৰী আৰু গোৱালপাৰাত আইচিচিৰ পতাকা উৰিছিল সেই সময়ত সঁচাকৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আইচিচচে খোপনি পুটিছে নেকি বুলি ৰাইজে শংকাত দিন পাৰ কৰিব আৰম্ভ কৰছিল৷ নৰ খাদক আইচিচে অসমত নৰসংহাৰ চলাব পাৰে বুলিও আশংকা ব্যক্ত কৰে একাংশ লোকে৷ আন একাংশ লোকে কোনো পক্ষই সমাজত উত্তেজনাৰ সৃষ্টি কৰি সংঘৰ্ষ বিয়পাব বিচাৰিছে বুলিহে মত পোষণ কৰিছিল৷ ৰাজ্যৰ আৰক্ষী প্ৰশাসন সষ্টম হৈ পৰে সকলো ঘটনাৰ সত্যতা উদ্ধাৰৰ বাবে৷ আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰে৷    

প্ৰথমটো ঘটনা তদন্ত কৰি কোকৰাঝাৰ আৰক্ষীয়ে সফলতা লাভ কৰে৷ অভিযোগ মতে, এগৰাকী বিজেপি নেতাই খোদ ভাঙিছিল তেওলোকৰ আদৰ্শ পুৰুষৰ মূৰ্তিটো। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত হিন্দু-মুছলমানৰ মাজত এক উত্তজনাময় পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰি এগৰাকী বিজেপি নেতাই জনসংঘৰ প্ৰতিষ্ঠাপকৰ মূৰ্তি ভঙাৰ অভিযোগ উত্থাপন হয়৷ 

নিজ দলৰ আদৰ্শ পুৰুষৰ মূৰ্তি ভাঙি বিটিএডিত আৰু ৰাজ্য খনত উত্তজনাময় পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছিল কোকৰাঝাৰৰ বিজেপিৰ নেতা সন্তোষ তৰফদাৰে৷ সৰিয়হৰ ডুলিতেই ভূত বুলি কোৱা আপ্ত আপ্তবাক্যশাৰীক প্ৰমাণ কৰে কোকৰাঝাৰৰ বিজেপিৰ নেতাগৰাকীয়ে। 

ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি ভঙাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা চাঞ্চল্য অব্যাহত থকাৰ সময়তে ১৩ মাৰ্চৰ নিশা আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত কোকৰাঝাৰ বিজেপিৰ প্ৰাক্তন জিলা সভাপতি, বিজেপিৰ জ্যেষ্ঠ নেতা তথা শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি আৰু উদ্যান পৰিচালনা সমিতিৰ সভাপতি সন্তোষ তৰফদাৰক গ্ৰেপ্তাৰ কৰে৷ ঘটনাই সৰিয়হ ডুলিতেই যে ভূত থাকে তাকেই প্ৰমাণ কৰে৷ 

৩ মে’ত নলবাৰী জিলাৰ বেলশৰত এডাল গছত আইচিচৰ পতাকা উদ্ধাৰৰ পিছতে আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰে৷ পতাকা দুখনত ‘জইন আইএছআইএছ’ বুলি লিখা আছিল৷ স্থানীয় লোকে পুৱাই গছত আঁৰি থোৱা অৱস্থাত পতাকা দুখন প্ৰত্যক্ষ কৰি বেলশৰ আৰক্ষীক অৱগত কৰে৷ পিছত ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ পতাকা দুখন উদ্ধাৰ কৰে৷ 

পতাকা দুখনক লৈ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ ইছলামিক সন্ত্ৰাসবাদীয়ে অসমত কূটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ আশংকাত সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ কিন্তু সঁচা ঘটনা অইনহে৷ বেলশৰত আইএছআইএছৰ পতাকা উৰুৱাৰ সন্দেহত অসম আৰক্ষীয়ে ৭ মে’ত ৬ জন লোকক আটক কৰে৷ আটকাধীন লোক কেইজনক আৰক্ষীয়ে কৰা জেৰাত লোক কেইজন বেলশৰ বিজেপিৰ কৰ্মী বুলি পোহৰলৈ আহে৷

ধৃত লোককেইজন তপন বৰ্মণ, দ্বিপজ্যোতি ঠাকুৰীয়া, সৌৰভ জ্যোতি বৈশ্য, পুলক বৰ্মণ, মোজাম্মিল আলী আৰু মুন আলী বুলি জানিব পৰা যায়৷ লোক কেইজনে জিলাখনত ধৰ্মীয় সংঘাত সৃষ্টি কৰাৰ বাবেই আইএছআইএছৰ ক’লা পতাকা আৰি থৈছিল বুলি আৰক্ষীয়ে সন্দেহ কৰিছে৷ 

২ মে’ত গোৱালপাৰা জিলাৰ নগৰ আৰক্ষী থানাৰ সমীপৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰতো ৬ খন ক’লা পতাকা উদ্ধাৰ হৈছিল৷ য’ত ‘আইএছ-এনই’ বুলি লিখা আছিল৷ কিন্তু গোৱালপাৰা ঘটনাৰ সৈতে জৰিত লোকক আটক কৰিব পৰা নাই আৰক্ষীয়ে৷ কিন্তু ৰাইজে সন্দেহ কৰা মতে কোনো লোকে সাম্প্ৰদায়িত সংঘৰ্ষ লগাবলৈ এনে কাম কৰিছে গোৱালপাৰতো৷

বৰপেটা জিলাৰ সৰভোগৰ দৰিদ্ৰ ব্ৰইলাৰ ব্যৱসায়ী অহেদুল আলীৰ এটা ফেচবুক আপডেটে ৰাজ্যত হৈচৈ লগাইছিল৷ তাৰ পিছত সমগ্ৰ ৰাজ্যত উত্তেজনাৰ সৃষ্টি হৈছিল৷ উত্তেজিত লোকে জ্বলাই দিছিল অহেদুলৰ দোকানখন৷ সাধাৰণ দোকান খন দি পৰিয়াল চলাই থকা অহেদুলৰ জীৱনলৈ অহা বিপৰ্যয়ে তেওঁৰ সকলো শেষ কৰি পেলাইছিল মুহূৰ্ততে৷ অহেদুলে গমকে নাপালে তেওঁৰ জীৱনত হঠাৎ হ’ল এয়া কি৷ অহেদুলক আটক কৰি হ'ল৷ ৰাইজে উচিত শাস্তি দিয়াৰ দাবীক প্ৰতিবাদ আৰম্ভ কৰিলে৷ 

অহেদুলৰ ফাঁচী দিয়াৰ দাবী উত্থাপন হ’ল৷ ছচিয়েল মিডিয়া গৰম হৈ পৰিল৷ পাকিস্তানৰ জাৰজ সন্তান বুলি কোৱা হ’ল৷ পাকিস্তানত অহেদুলক পঠিয়াই দিব লাগে বুলি প্ৰচাৰ হ’ল আৰু দেশদ্ৰোহী, জাতিদ্ৰোহী আখ্যা দিয়া হ’ল৷ কিন্তু আৰক্ষীয়ে তদন্ত কোনো ক্ৰুতি কৰা নাছিল৷ আৰক্ষীয়ে নিখুঁত তদন্তৰ অন্তত জ্যোতিষ নাথ নামৰ এগৰাকী লোকক আটক কৰি এৰি দিলে অহেদুলক৷ প্ৰকৃততে ফেচবুকত দিয়া পোষ্টটো দিছিল জ্যোতিষে৷

newsnextone.comৰ হাতত পৰা তথ্য মতে, জ্যোতিষ সৈতে আছিল অহেদুলৰ ভাল সম্পৰ্ক৷ মামা ভাগিনৰ সম্পৰ্ক আছিল দুয়োৰে মাজত৷ অহেদুলৰ দোকানৰ সমীপতে আছিল জ্যোতিষৰ দোকান৷ তাৰেই গইনা লৈ প্ৰয়া এবছৰ পূৰ্বে অহেদুলে কিনিছিল এটা এনৰয়ড মোবাইল৷ এনৰয়ড মোবাইল কিনাৰ পিছতে মোবাইল চলাবলৈ শিকিছিল জ্যোতিষৰ পৰা৷

তাৰ লগে লগে অহেদুলৰ মোবাইল নম্বৰেৰে জি-মেইল আৰু ফেচবুক একাউণ্ট খুলিছিল জ্যোতিষে৷ সময়ে সময়ে অহেদুলৰ ফেচবুক একাউণ্ট খুলি চাইছিল জ্যোতিষে৷ তাৰ মাজতে এটা বিশেষ ৰাজনৈতিক দলৰ আদৰ্শত বিশ্বাসী জ্যোতিষে অহেদুলৰ ফেচবুক একাউণ্টৰ পৰা আপডেট দিছিল ঘৃণনীয় কথাখিনি৷ জ্যোতিষে অহেদুলক প্ৰায় এবছৰ আগতে ফেচবুক একাউণ্ট খুলি দিছিল আৰু অহেদুলৰ পাচৱৰ্ড ৰাখি থৈছিল৷ জ্যোতিষে সমস্ত কথা স্বীকাৰ কৰিছে৷ 

এতিয়া প্ৰশ্ন হ’ল সেই নিশাই যদি দুটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ হ’লহেতেন তাৰ বাবে দায়ী কোন হ’লহেতেন৷ শ-শ ঘৰ জ্বলিলে, শ-শ মানুহ মৰিলে, হাজাৰ হাজাৰ লোক গৃহহীন হলে লাভ কাৰ হ’ব৷ যিসলে সমাজত বিষ ছটিয়াই তেওঁলোকে শীততাপ নিয়ন্ত্ৰিত গাড়ীত নিৰাপত্তাৰক্ষী লৈ ঘুৰে৷ কিন্তু গাঁৱৰ সাধাৰণ দৰিদ্ৰ, খাটিখোৱাক কোনে দিব নিৰাপত্তা৷ গাঁৱৰ মানুহক ধৰ্মৰ নামত উত্তেজিত কৰিলে লাভ হ’ব ৰাজনৈতিক দলৰ নেতাৰ৷ কিন্তু সাধাৰণ লোকসকলে জীৱনৰ সকলো হেৰুৱাই চকুলো টুকিব লগা হ’ব সমগ্ৰ জীৱন৷ সকলোৱে এই কথা বুজি চোৱা উচিত৷ 

অসম আৰু অসমীয়াই ভোট দি বিজেপিক জয়যুক্ত কৰাৰ অন্তত দিছপুৰৰ গাদী দখল কৰিলে বিজেপিয়ে৷ বিজেপি এতিয়া বিতৰ্কৰ বাবেহে বিখ্যাত হৈ পৰিছে৷ বহু সময়ত বিতৰ্কিত মন্তব্য প্ৰকাশ কৰি সহজ-সৰল লোকক বিপথে পৰিচালিত কৰা শাসকীয় বিজেপিৰ কিছু সংখ্যক নেতা-পালিনেতাই ক্ষমতাৰ ৰাগীত মাতল হৈ পৰা দেখিবলৈ পোৱা গৈছে৷ 

বিশেষকৈ ধৰ্মৰ নামত ৰাজনীতি কৰি অসমৰ হিন্দু-মুছলমানৰ সম্প্ৰীতি ধ্বংস কৰিব বিচৰা বিজেপি দলে প্ৰকৃততে অসমৰ বাবে কি কৰিবলৈ গৈ আছে, তাকেলৈ প্ৰশ্নৰ উত্থাপন হৈছে৷ ইফালে যদি গোড়া হিন্দুত্ববাদেৰে অসমত হিন্দু বাংলাদেশীক সংস্থাপন যো-জা চলাইছে, আনফালে আকৌ মঞ্চতে জ্যেষ্ঠ নাগৰিক, শিক্ষকক অপমান কৰি ক্ষমতাৰ অপব্যৱহাৰ কৰিছে বিজেপিৰ একাংশ নেতা-মন্ত্ৰীয়ে৷ 

কোকৰাঝাৰ বিজেপিৰ সভাপতিয়ে কিছুদিন পূৰ্বে মন্দিৰৰ মুৰ্তি ভাঙি হিন্দু-মুছলিমৰ মাজত ধৰ্মৰ নামত সংঘাত সৃষ্টি কৰিব বিচাৰিছিল৷ তাৰ পিছতেই পুনৰ এইবাৰ বিজেপিয়ে ইছলামিক সন্ত্ৰাসবাদৰ নাম লৈ অসমত ধৰ্মীয় সংঘাত সৃষ্টি কৰি স্বাৰ্থ আদায় কৰাৰ বিফল চেষ্টা চলোৱাৰ কথা পোহৰলৈ আহিছে৷ এইবাৰ ব্ৰইনাৰ ব্যৱসায়ীৰ একাউণ্টৰ পৰা সংঘৰ্ষ লগাব বিচৰা হৈছিল৷ এনেবোৰ কথাই বহু কথাই ব্যক্ত কৰে যাক ফহিয়াই চাব লাগিব খোদ ৰাইজে৷