newsnextone.com | গুৱাহাটীঃ প্ৰতিখন সমাজৰ শান্তি প্ৰিয় লোকসকলে ধৰ্ম-জাতি-বৰ্ণ নিৰ্বিশেষে সমাজ খনত সকলোকে মিলি জুলি থকাটো কামনা কৰে৷ সমাজখনত শান্তি থাকিলেহে সমাজ খনৰ উন্নতি হ’ব৷ সেই কথা সচেতন লোকে জানে৷ ধৰ্মৰ নামত সমাজ কেতিয়াও ভাগ ভাগ হোৱা নাছিল সেই কথা অসমৰ গাঁও কেইখন অধ্যয়ন কৰিলে ভালদৰে বুজি পোৱা যায়৷
একেখনে গাঁৱতে দুঘৰ আদিবাসী, দুঘৰ গৰিয়া, কেইঘৰমান কোচ, কলিতা, ব্ৰাহ্মণ, বড়ো আদি জাতি-জনগোষ্ঠীৰ লোক বাস কৰে৷ সমাজৰ শান্তি প্ৰিয় মানুহে জানে সমাজ সদায় সুস্থ হৈ থাকিব লাগে৷ সতি-সন্ততিৰ উন্নতি, শিক্ষা-দীক্ষা সুস্থ সমাজতহে সম্ভৱ৷ অতীজৰে পৰা সমাজ প্ৰিয় লোকসকলে একতাৰ ডোলেৰে বান্ধ খাই বসবাস কৰি আহিছে৷ সমাজ খনত নতুবা গাঁও খনত হোজা ৰাম-ৰহিমে একেলগে বাস কৰি আহিছে৷