newsnextone.com | কাৰ্বি আংলংঃ আজিৰ দিনটো ডেৰশ বছৰতকৈ অধিক পুৰণি ভাৰতীয় ডাক বিভাগৰ বাবে এটি উল্লেখযোগ্য দিন৷ কিয়নো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি নতুন দিল্লীৰ তালকতৰা মৈদামৰ পৰা সমগ্ৰ ভাৰতবৰ্ষতে ইণ্ডিয়া পোষ্ট পেমেন্ট বেংকৰ শুভ উন্মোচন কৰে আৰু ইয়াৰ লগে লগে এই ব্যৱস্থাৰ সংযোজনে ভাৰতীয় ডাক বিভাগক এক বিশেষ মান্যতা প্ৰদান কৰাৰ উপৰি বিভাগটোক বেংকিংৰ দিশত অতি উচ্চ স্তৰত অৱতীৰ্ণ কৰাব বুলি আশা প্ৰকাশ কৰা হৈছে৷ 

পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজানটো আজি এই সেৱা মুকলি কৰা হয়৷ বোকাজান নগৰস্থিত ৰাধা গোবিন্দ আশ্ৰম ভৱনত অনুষ্ঠিত উন্মোচনী সভাত বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক ডা০ নোমল ম’মিন মুখ্য অতিথিৰূপে উপস্থিত থকাৰ লগতে কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য মাধুৰ্য ঢেঁকিয়ালফুকন, পৰিষদীয় সদস্য ৰিচাৰ্ড টকবি, নিৰ্বাচনী বিষয়া তোৱাহিৰ আলম, নগাঁও সংমণ্ডলৰ সহকাৰী ডাক অধীক্ষক বিষয়া ৰুবুল গোস্বামীৰ লগতে বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সত্যপ্ৰদীপ বৰদলৈ বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে৷ 

সাধাৰণ জনগণৰ বাবে আটাইটকৈ সুগম, সুবিধাজনক আৰু নিৰ্ভৰযোগ্য বেংক সেৱা আগবঢ়োৱাৰ লগতে যিসকল সাধাৰণ জনতাই বিভিন্ন প্ৰতিবন্ধকতাৰ বাবে আজি পৰ্যন্ত বেংক সেৱা গ্ৰহণ কৰিব পৰা নাই তেওঁলোকেও বেংক সেৱাৰ লগত সংযুক্ত হৈ দেশৰ বিত্ত বিভাগৰ লগত অন্তৰ্ভুক্ত হব পাৰিব৷ নগৰ, চহৰ, দুৰ্গম তথা অতি ভিতৰুৱা অঞ্চলৰ লোকেও এই বেংক সেৱা গ্ৰহণ কৰি উপকৃত হোৱাৰ লগতে বৰ্তমান প্ৰেক্ষাপটত ডিজিটেল ইণ্ডিয়াৰ যি সপোন, সেই সপোন বাস্তবায়িত হোৱাত বহুখিনি অৰিহণা যোগাব বুলি উন্মোচনী সভাত উপস্থিত বিধায়ক ডা০ নোমল ম’মিন আৰু কাৰ্যবাহী সদস্য মাধুৰ্য ঢেঁকিয়াল ফুকনে নিজ ভাষণত মন্তব্য আগবঢ়ায়৷ 

উল্লেখ্য যে, দেশজুৰি বিয়পি থকা ১,৫৫,০০০ টা ডাকঘৰত কৰ্মৰত ৩,০০০০০ গৰাকী পোষ্টমেন তথা গ্ৰামীণ ডাক সেৱকৰ জৰিয়তে এই সেৱা গ্ৰাহকৰ ঘৰলৈকে লৈ যোৱাৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত ৬৫০ টা শাখা আৰু ৩২৫০ টা উপ শাখা কেন্দ্ৰৰ লগতে অসমত ২৬ টা শাখা আৰু ১৩০ টা উপ শাখা কেন্দ্ৰৰ জৰিয়তে এই সেৱা আগবঢ়োৱা হ’ব বুলি অনুষ্ঠানত উপস্থিত নগাঁও সংমণ্ডলৰ সহকাৰী ডাক অধীক্ষক বিষয়া ৰুবুল গোস্বামীয়ে জানিবলৈ দিয়ে৷