Home ৰাজ্যবোকাজানত ইণ্ডিয়া পোষ্ট পেমেন্ট বেংক সেৱা মুকলি

বোকাজানত ইণ্ডিয়া পোষ্ট পেমেন্ট বেংক সেৱা মুকলি

by News Desk
70 views
A+A-
Reset

newsnextone.com | কাৰ্বি আংলংঃ আজিৰ দিনটো ডেৰশ বছৰতকৈ অধিক পুৰণি ভাৰতীয় ডাক বিভাগৰ বাবে এটি উল্লেখযোগ্য দিন৷ কিয়নো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি নতুন দিল্লীৰ তালকতৰা মৈদামৰ পৰা সমগ্ৰ ভাৰতবৰ্ষতে ইণ্ডিয়া পোষ্ট পেমেন্ট বেংকৰ শুভ উন্মোচন কৰে আৰু ইয়াৰ লগে লগে এই ব্যৱস্থাৰ সংযোজনে ভাৰতীয় ডাক বিভাগক এক বিশেষ মান্যতা প্ৰদান কৰাৰ উপৰি বিভাগটোক বেংকিংৰ দিশত অতি উচ্চ স্তৰত অৱতীৰ্ণ কৰাব বুলি আশা প্ৰকাশ কৰা হৈছে৷ 

পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজানটো আজি এই সেৱা মুকলি কৰা হয়৷ বোকাজান নগৰস্থিত ৰাধা গোবিন্দ আশ্ৰম ভৱনত অনুষ্ঠিত উন্মোচনী সভাত বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক ডা০ নোমল ম’মিন মুখ্য অতিথিৰূপে উপস্থিত থকাৰ লগতে কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য মাধুৰ্য ঢেঁকিয়ালফুকন, পৰিষদীয় সদস্য ৰিচাৰ্ড টকবি, নিৰ্বাচনী বিষয়া তোৱাহিৰ আলম, নগাঁও সংমণ্ডলৰ সহকাৰী ডাক অধীক্ষক বিষয়া ৰুবুল গোস্বামীৰ লগতে বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সত্যপ্ৰদীপ বৰদলৈ বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0