Home ৰাজ্যছয় ফুট ওপৰতে মৰণ-ফান্দঃ উদাসীন বিদ্যুৎ বিভাগ

ছয় ফুট ওপৰতে মৰণ-ফান্দঃ উদাসীন বিদ্যুৎ বিভাগ

by News Desk
76 views
A+A-
Reset

গোলকগঞ্জঃ ধুবুৰী জিলাৰ গোলকগঞ্জ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত দফৰপুৰ গাঁৱৰ কেইবাটাও অঞ্চলত বিপদজ্জনক অৱস্থাত আছে বিদ্যুতৰ তাঁৰ। দফৰপুৰ গাঁৱত  এডাল বিদ্যুতৰ তাঁৰকে দুফাল কৰি যোগান ধৰা হৈছে বিদ্যুৎ সংযোগ। কিছুমান ঠাইত মাটিৰপৰা মাত্ৰ ছয়/সাত ফুট ওপৰতে মৰণ ফান্দৰূপে ওলোমাই থোৱা আছে এই তাঁৰসমূহ। এনদৰেই চলিছে অঞ্চলটোত বিপদসংকুল অৱস্থাত বিদ্যুতৰ ব্যৱহাৰ। যিকোনো সময়ত ধন-জনৰ ক্ষতি হোৱাৰ আশংকা কৰিছে সচেতন ৰাইজে। তথাপি ভিতৰুৱা অঞ্চলতটোত উপায়বিহীন জনসাধাৰণে এনেদৰেই ব্যৱহাৰ কৰি আছে বিদ্যুৎ। এই ক্ষেত্ৰত বিভাগীয় কৰ্মচাৰীক অভিযোগ দিলেও বিহিত ব্যৱস্থা গ্ৰহণ নকৰা বুলি ৰাইজে অভিযোগ কৰিছে। অনতিপলমে বিভাগীয় নিয়ম অনুযায়ী ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰক দাবী জনাইছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0