newsnextone.com | গুৱাহাটীঃ শনিবাৰে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে এখন সংবাদমেল অনুষ্ঠিত কৰি বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ কৰে। বিজেপি চৰকাৰক থলুৱা বিৰোধী আখ্যা দি আৰএছএছকো সমালোচনা কৰে। কিছু দিন পূৰ্বে এনএছচিএন আৰু কেন্দ্ৰীয় চৰকাৰৰৰ শান্তি আলোচনাৰ মধ্যস্থতাকাৰী আৰএন ৰবিয়ে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিচ্ছিন্নতাবাদী শক্তিক প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উচতনি দিছিল বুলি এক বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছিল৷ 

তৰুণ গগৈয়ে ৰাজনীতিৰ নামত একেবাৰে কম জনসংখ্যা থকা বহুকেইটা জনগোষ্ঠীক স্বায়ত্তশাসন, উন্নয়ন পৰিষদ গঠন কৰি দি বিভিন্ন প্ৰকাৰে প্ৰলোভন দিয়াৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক আক্ৰমণ কৰিছিল ৰবিয়ে। ৰাজনৈতিক মুনাফা আদায়ৰ স্বাৰ্থত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনে স্বায়ত্তশাসন অথবা পৰিষদসমূহ গঠন কৰি অসমীয়া সমাজখনক বহুধাবিভক্ত কৰিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ৰবিয়ে।

আৰ এন ৰবিয়ে এই মন্তব্য প্ৰকাশ কৰাৰ পিছতে তৰুণ গগৈয়ে সংবাদ মেল অনুষ্ঠিত কৰি আৰ এন ৰবিক উভতি ধৰি আৰ এন ৰবি কোন বুলি প্ৰশ্ন উত্থাপন কৰিছিল৷ এইবাৰ যুটীয়া চোৰাংচোৱা সমিতিৰ সচিব তথা নগা বিদ্ৰোহী সংগঠনসমূহৰ শান্তি আলোচনাৰ চৰকাৰৰ ফালৰ মধ্যস্থতাকাৰী আৰ এন ৰবি, কেন্দ্ৰীয়-ৰাজ্য চৰকাৰক এইবাৰ উভতি ধৰে প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে৷ আমাৰ দিনত স্বায়ত্তশাসন, উন্নয়ন পৰিষদ প্ৰদান কৰি জনজাতি সমূহৰ উন্নতি কৰিব বিচৰা হৈছিল বুলি কৈ বিজেপিক জনজাতি বিৰোধী আখ্যা দিয়ে প্ৰাক্তন মন্ত্ৰীজনে। 

বিজেপিয়ে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীবোৰৰ উত্তৰণ নিবিচাৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ আৰএছএছক তীক্ষ্ন সমালোচনা কৰি কংগ্ৰেছৰ দিনত জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত যথেষ্ট কাম কৰিছিল বুলি কয়৷

প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছৰ দিনত স্বায়ত্তশাসিত পৰিষদ, উন্নয়ন পৰিষদ সমূহ গঠন কৰি মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অসমীয়া সমাজখন ভাগ ভাগ কৰিব বিচাৰিছিল বুলি আৰএছএছ আৰু বিজেপি অপপ্ৰচাৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰে৷ 

জাতি মাতি ভেটিৰ কথা কৈ শাসনৰ গাদী দখল কৰা বিজপিয়ে এতিয়া কেৱল চমক আৰু অপপ্ৰচাৰৰ ৰাজনীতিত লিপ্ত হোৱাৰো অভিযোগ উত্থাপন কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে৷

খিলঞ্জীয়া জনগোষ্ঠীৰ ৰক্ষণাবেক্ষণ আৰু উত্তৰণ কংগ্ৰেছে বিচাৰিছিল বাবে স্বায়ত্ব শাসন আৰু উন্নয়ন পৰিষদ গঠন কৰিছিল আৰু উন্নয়ন হৈছিল বুলি দাবী কৰি বিজেপিয়ে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ উন্নয়ন নিবিচাৰে বুলি কয়৷ 

প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে বিজেপিয়ে স্বায়ত্তশাসিত পৰিষদৰ বাজেটৰ ধন কৰ্তন কৰি পৰিষদ সমূহক বিপদৰ মাজলৈ ঠেলি দিয়ে৷