newsnextone.com | ৰঙিয়াঃ ৰাষ্ট্ৰীয় দলৰ নেতাসকলে অসমৰ সমস্যা সমাধান কৰিবলৈ অসমলৈ নাহে৷ নিজৰ মুখখন দেখুৱাবলৈহে অসমলৈ আহে। সংবাদমাধ্যমত দিয়া কথা কেইটাক চাবলৈ আমি টিভিৰ ওচৰত বহি থাকো। ইয়াৰ পিচতে আমাৰ মাজত আন্দোলন প্ৰতিবাদ। আমি অসমৰ ৰাইজে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাসকলৰ এনে ৰাজনৈতিক চিন্তা বুজা দৰকাৰ৷ ৰঙিয়াৰ সমীপৰ তুলসীবাৰী মিনি ষ্টেডিয়ামত বুধবাৰে অনুষ্ঠিত ৰঙিয়া জিলা যুৱ পৰিষদৰ উদ্যোগত অনুষ্ঠিত এখন ৰাজহুৱা সভাত উপস্থিত থাকি অগপ নেতা, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই এই মন্তব্য আগবঢ়ায়৷
অগপৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীয়ে বিজেপিক তীব্ৰ সমালোচনা কৰি বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে ৰাজনীতি কৰি অসমৰ সকলো ধৰ্মৰ মাজত থকা মিলাপ্ৰীত ধ্বংস কৰিবলৈ ওলাইছে এনে কাম অগপই কেতিয়াও কৰিবলৈ নিদিয়ে বুলি কয়। ইতিমধ্য অসমৰ মানুহে জল জল পতপতকৈ বিজেপিৰ এনে ৰাজনীতিৰ কথা বুজিব পাৰিছে বুলিও কয় মহন্তই।