newsnextone.com | গুৱাহাটীঃ বৃহস্পতিবাৰে ঘোষিত হয় উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল৷ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফল ঘোষণা কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে৷ কলা শাখাত মুঠ ১ লাখ ৯৪ হাজাৰ ৫৩৩ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিছিল৷ ১ লাখ ৪৫ হাজাৰ ২৮১ গৰাকীয়ে উত্তীৰ্ণ হয়৷ ইয়াৰে ১৯,৪৭০ গৰাকীয়ে প্ৰথম বিভাগত, ৪৫,৭৫১গৰাকীয়ে দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৮০,০৬০ গৰাকীয়ে৷
উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ ১০ গৰাকী মেধাই কলা বিভাগত শীৰ্ষ ১০টা পদ দখল কৰিবলৈ সক্ষম হৈছে৷ নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনে সম্প্ৰীতি ৰাজখোৱাই৷ নগাঁও জিলাৰ ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰী সম্প্ৰীতি ৰাজখোৱাই ৪৮৭ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়৷ আন এগৰাকী ছাত্ৰই নগাওঁ জিলালৈ গৌৰৱ কঢ়িয়াই আনে৷ কলা শাখাত ৪৮৫ নম্বৰ লাভ কৰি দ্বিতীয় স্থান দখল কৰে নগাঁও জিলাৰে কনচেপ্ট জুনিয়ৰ কলেজৰ ছাত্ৰ ত্ৰিদিপ বৰাই৷