ডিফুত প্ৰাক্তন ডিএইছডি সেনাধ্যক্ষ প্ৰণৱ নুনিছাৰ ওপৰত দূৰ্বৃত্তৰ গুলীচালনা
গুৰুতৰ ভাৱে আহত হৈছে প্ৰাক্তন বিদ্ৰোহী সেনাধ্যক্ষ গৰাকী
উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰন

newsnextoneডিফু,৬ অক্টোবৰঃ  আজি ডিফুত প্ৰাক্তন ডিএইছডি সেনাধ্যক্ষ প্ৰণৱ নুনিছাক  দূৰ্বৃত্তই গুলীয়াই আহত কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত বাতৰি অনুসৰি আজি বিয়লি প্ৰায় ১২-৪৫ মান বজাত ডিমা হালাম ডাউগা চমুকৈ ডিএইছডিৰ প্ৰাক্তন সেনাধ্যক্ষ প্ৰণৱ নুনিছা নিজৰ এএছ ০১ এউ ১৬৯২ নম্বৰৰ মটৰ চাইকেল খন লৈ ডিফু অভিমুখে আহি থকা সময়ত ডিফু পাবলৈ মাত্ৰ ৬ কিল'মিটাৰ বাকী থকা অৱস্থাত   ধনশিৰি-ডিফু পথৰ নাহৰবাৰী হাতীকেম্পৰ ওচৰত দূৰ্বৃত্তই প্ৰাক্তন বিদ্ৰোহী নেতা গৰাকীলৈ লক্ষ্য কৰি গুলীচালনা কৰিবলৈ আৰম্ভ কৰে ৷ 

দূৰ্বৃত্তৰ গুলীয়ে নুনিছাৰ মটৰ চাইকেলৰ তেলৰ টেংকিত আঘাত কৰাৰ লগতে প্ৰাক্তন বিদ্ৰোহী সেনাধ্যক্ষ গৰাকীৰ বুক আৰু পিঠিত আঘাত প্ৰাপ্ত হয় ৷প্ৰাক্তন সেনাধক্ষ্য গৰাকী কোনোমতে প্ৰাণ ৰক্ষা কৰি মটৰচাইকেল খনলৈ কিছুদূৰ আহি স্থানীয় মানুহৰ সহায়ত ডিফু অসামৰিক চিকিৎসালয়ত ভৰ্তি হয় ৷ 
প্ৰণৱ নুনিছা বৰ্তমান বিপদমুক্ত যদিও উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ উল্লেখযোগ্য যে, ২০০৩ চনত চৰকাৰৰ ওচৰত অস্ত্ৰ সম্বৰণ কৰা ডিএইছডিৰ প্ৰাক্তন সেনাধ্যক্ষ প্ৰণৱ নুনিছা আৰু অধ্যক্ষ দিলীপ নুনিছাই সংগঠনটোৰ বাবে  বিভিন্ন কল্যাণমূলক কাম-কাজত সক্ৰিয় ভূমিকা পালন কৰাৰ সময়ত আৰু লোকসভা নিৰ্বাচনলৈ মাথো কেইমাহমানৰ বাকী থকা অৱস্থাত সেনাধ্যক্ষ গৰাকীৰ ওপৰত হোৱা এনে আক্ৰমনে বিশেষ তাৎপৰ্য বহন কৰিছে ৷ 


আনহাতে আৰক্ষীয়ে গুলীচালনাত ব্যৱহৃত বন্ধুকটো হাতে সজা বন্ধুক হব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ ঘটনা সংঘটিত হোৱাৰ লগে লগে আৰক্ষীৰ উচ্চ পদস্থ বিষয়া সকলে ঘটনাস্থলী পৰিদৰ্শন কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে এলেকাটোত অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷বিগত বছৰত ধনশিৰি-ডিফু পথত অএনজিচিৰ গাড়ীলৈও উদেশ্য কৰি দূৰ্ববৃত্তই গুলী চালনা কৰিছিল৷

ছাইদুল ইছলাম, ডিফু৷