newsnextoneডিফু,৬ অক্টোবৰঃ আজি ডিফুত প্ৰাক্তন ডিএইছডি সেনাধ্যক্ষ প্ৰণৱ নুনিছাক দূৰ্বৃত্তই গুলীয়াই আহত কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত বাতৰি অনুসৰি আজি বিয়লি প্ৰায় ১২-৪৫ মান বজাত ডিমা হালাম ডাউগা চমুকৈ ডিএইছডিৰ প্ৰাক্তন সেনাধ্যক্ষ প্ৰণৱ নুনিছা নিজৰ এএছ ০১ এউ ১৬৯২ নম্বৰৰ মটৰ চাইকেল খন লৈ ডিফু অভিমুখে আহি থকা সময়ত ডিফু পাবলৈ মাত্ৰ ৬ কিল’মিটাৰ বাকী থকা অৱস্থাত ধনশিৰি-ডিফু পথৰ নাহৰবাৰী হাতীকেম্পৰ ওচৰত দূৰ্বৃত্তই প্ৰাক্তন বিদ্ৰোহী নেতা গৰাকীলৈ লক্ষ্য কৰি গুলীচালনা কৰিবলৈ আৰম্ভ কৰে ৷
