16
Oct
2017
গুৱাহাটীঃ বহু বিৰতিৰ পিছত পুনৰ সংগীতৰ মাজলৈ ঘুৰি আহিছে সুকণ্ঠী গায়িকা প্ৰণতি খাউণ্ড৷ আজি গুৱাহাটী প্ৰেছ ক্লাৱত তেওঁৰ নৱতম ভিডিঅ গীত 'মই হেৰায় গ'লে' মুক্তি লাভ কৰে৷
এসময়ৰ জনপ্ৰিয় ৰেডিঅ' শিল্পী প্ৰণতি খাউণ্ডৰ আজিৰ গীতৰ শুভমুক্তিৰ লগতে জীয়ৰী সঞ্চিতা খাউণ্ডৰো জীৱনৰ প্ৰথমটো গীত 'কিয় জানো' মুক্তি দিয়া হয়।
আজিৰ শুভমুক্তিৰ অনুষ্ঠানত বিশিষ্ট অভিনেতা বিজু ফুকন, অল ইণ্ডিয়া ৰেডিঅ’ৰ সহ পৰিচালক অপূৰ্ব দত্ত, জনপ্ৰিয় বিহুৱা ৰঞ্জিত গগৈ, নিৰ্দেশক বিপ্লৱ দ'লে, সংগীত পৰিচালক আৰু লগতে সুবিৰ গুপ্তা উপস্থিত থাকে৷