নলবাৰীঃ নলবাৰী জিলাৰ অমায়াপুৰ গাঁৱৰ বিশিষ্ট সাংবাদিক প্ৰাঞ্জল শৰ্মাক খৈৰাবাৰী প্ৰেছ ক্লাৱ আৰু এন ইলাইভে প্ৰশংসা পত্ৰ প্ৰদান কৰে৷ ওদালগুৰি জিলাৰ খৈৰাবাৰী প্ৰেছ ক্লাৱ আৰু এনই লাইভৰ উদ্যোগত খৈৰাবাৰী মহাবিদ্যালয় প্ৰাংগনত ৰবিবাৰে অনুষ্ঠিত হোৱা সাংবাদিক কৰ্মশালাত সাংবাদিকজনক প্ৰদান কৰে প্ৰশংসা পত্ৰ।
কৰ্মশালাত কেইবাগৰাকী টিভি চেনেল তথা প্ৰকাশক মাধ্যমৰ বিশিষ্ট সাংবাদিক আৰু গণ্যমান্য ব্যক্তি উপস্থিত আছিল। বিশিষ্ট সাংবাদিক জনে ইয়াৰ পূৰ্বে নিয়মীয়া বাৰ্তাৰ বাহঁজানীৰ সাংবাদজাতা হিচাবে কাম কৰি আছিল৷