নগাঁওঃ কেন্দ্ৰীয় চৰকাৰে দেশৰ সংখ্যালঘু লোকৰ পঢ়ি থকা সন্তানৰ জলপানিৰ বাবে বছৰে কোটি কোটি টকা মুকলি কৰি দি আহিছে৷ সমাজ খনৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সমানে সমানে সংখ্যালঘু লোকসকলৰ সন্তানেও যাতে আগবাঢ়ি যাব পাৰে তাৰ বাবে বিভিন্ন আঁচনি ৰূপায়ন কৰি আহিছে চৰকাৰে৷
ভাৰত চৰকাৰে প্ৰথম মান শ্ৰেণীৰ পৰা বিশ্ববিদ্যাল আৰু গৱেষণা পৰ্যায়লৈ সংখ্যালঘু ছাত্ৰ-ছাত্ৰীক জলপানি দিয়াৰ ব্যৱস্থা কৰিছে৷ মেধাৰ ভিত্তিত ইউপিএ চৰকাৰৰ কাৰ্যকালৰ পৰা এই জলপানি দি আহিছে চৰকাৰে৷