চিপাঝাৰঃ আজিও উত্তেজনা অব্যাহত আছে মঙলদৈত। মঙলদৈৰ আউলাচৌকাত ১৯ আগষ্টত মোক্তাৰ আলি নামৰ ব্যবসায়ী জনক গুলীয়াই হত্যাকৰাৰ প্ৰতিবাদত আজি মঙলদৈ প্ৰেছ ক্লাবত সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ আৰু আমছুৰ পৃথকে পৃথকে দুখন সংবাদমেল অনুষ্ঠিত কৰে৷
সংবাদমেলত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ মূখ্য উপদেষ্টা ছহিৰ ভূঞাই হত্যাকাণ্ডত উদ্বেগ প্ৰকাশ কৰি ঘটনাক গৰিহনা জনায় । মোক্তাৰ হত্যাৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবী জনাই পৰিয়ালক আৰ্থিক সাহায্য,পত্নীক চাকৰি আৰু সন্তানক উচিত শিক্ষা প্ৰদানৰ বাবে চৰকাৰ তথা প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰে৷