তেজপুৰঃ অসমৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া আলফা এতিয়া মানুহৰ বাবে এটা নাম মাথোন৷ সেই তাহানি নিজে খাই থকা কাঁহীখনৰ এগৰাহ ভাতেৰে যঁচা অসমীয়াৰ মৰমবোৰ এতিয়া কেৱল স্মৃতিৰ পাততেই আৱদ্ধ৷ বহু পিতৃক, বহু ভাতৃক সেনাই গুলিয়াই মাৰিলে৷ যিকেইজন বাচিল, প্ৰলোভনৰ সূতাৰে বান্ধি চৰকাৰে উভটাই লৈ আহিল৷ এটা সপোনৰ বিনিময়ত অথবা এটা সুখী ভৱিষ্যতৰ স্বাৰ্থত তেওঁলোক ৰৈ গ’ল স্বাধীনতাৰ হেপাঁহ পাহৰি৷
কিন্তু কিমান কৰিলে চৰকাৰে তেওঁলোকৰ বাবে৷ মাথো কেইজনমান প্ৰতিপত্তিশীলৰ বাহিৰে বাকীবোৰ তেনেদৰেই ৰৈ গ’ল চৰকাৰৰ দৃষ্টিৰ বাহিৰত৷ এদিন স্বাধীনতাৰ সোপান ৰচা সংগ্ৰামীবোৰ হৈ পৰিল শ্ৰমিক অথবা মজদুৰ৷