newsnextone.com | গুৱাহাটীঃ যোৱা ৮ জুনত গুৱাহাটীৰ দুই উদীয়মান যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক দুৰ্বৃত্তই নৃসংশভাৱে হত্যা কৰা ঘটনাক সমাজৰ সৰ্বপ্ৰকাৰৰ লোকে নিন্দা কৰি ঘটনাৰ সৈতে জৰিত দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই আহিছে৷ তাৰ মাজতে কেইবাটাও এনে ঘটনা সংঘটিত হৈছে অসমত৷ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত গোসাঁইখণ্ডাৰ অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক ৰতন বৰদলৈ একাংশ লোকৰ গণ প্ৰহাৰৰ সন্মুখীন হ’ব লগা হয় কেৱল সন্দেহৰ বাবেই৷ একাংশ লোকৰ বৰ্বৰ আক্ৰমণত ৰতন বৰদলৈয়ে জীৱন পংগু হ’বলৈ ওলাইছে যদিও অসমৰ কোনো দল-সংগঠনে মাত এষাৰ নিদিয়াত ক্ষোভিত হৈ পৰিছে তিৱা জনগোষ্ঠীৰ লোক৷
উল্লেখ্য যে, মণিপুৰৰ পৰা বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত গোসাঁইখণ্ডাৰ ঘৰলৈ ৰেলেৰে আহি আহিছিল ৰতনে৷ তেনেতে ভুলক্ৰমে নগাঁৱৰ চাপৰমুখৰ সলনি হোজাইত ৰেলৰ পৰা নামে ৰতনে৷ হোজাইত নামিয়েই সহজ-সৰল যুৱক ৰতনে ঠাইখনৰ কোনো উৱাদিহ নাপাই নিজৰ ঘৰৰ ঠিকনা বিচাৰি কোমৰাকাঁটা নামৰ গাঁওখনত উপস্থিত হৈ গাঁওখনৰ গাঁওবুঢ়াৰ ঘৰত উপস্থিত হয় আৰু গাঁওবুঢ়াৰ ঘৰৰ দুৱাৰত ঢকিয়াই৷ কিন্তু ঘৰৰ ঠিকনা বিচাৰি যোৱা ৰতনক কোনো কথাৰ অৱতাৰণা নকৰি সোপাধৰা বুলি গাঁওবুঢ়াৰ পৰিয়ালে বান্ধি লৈ গাঁৱৰ মানুহে বৰ্বৰ ভাৱে আক্ৰমণ কৰে৷