ৰঙিয়াঃ লাঞ্চিত-বঞ্চিত আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰসমূহত নিম্ন মজুৰীত কৰ্মৰত তৃতীয় বৰ্গৰ শিক্ষা স্বেচ্চাসেৱক, ভড়াল ৰক্ষক আৰু চতুৰ্থ বৰ্গৰ ৰান্ধনী, সহায়কাৰী, চকীদাৰ আৰু মালীসকলৰ চাকৰি নিয়মীয়া কৰাৰ দাবীত দীৰ্ঘ দিনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।
সদৌ অসম আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ কৰ্মী সংস্থাৰ সভাপতি আব্দুৰ ৰাজীৱ আৰু সম্পাদক বিনন্দ বসুমতাৰীয়ে এক বিবৃতি যোগে ৰাজ্যখনৰ আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰসমূহত কৰ্মৰত তৃতীয় বৰ্গৰ শিক্ষা স্বেচ্চাসেৱক, ভড়াল ৰক্ষক-তত্বাৱধায়ক আৰু চতুৰ্থ বৰ্গৰ ৰান্ধনী, সহায়কাৰী, চকীদাৰ আৰু মালীসকলে যথাক্ৰমে ৬৫০০ টকা আৰু ৪০০০ টকাৰ বিনিময়ত ২৪ ঘন্টাই কৰ্তব্য পালন কৰি আহিছে যদিও চৰকাৰে আজিকোপতি এইসকল কৰ্মচাৰীৰ শ্ৰমৰ উচিত মৰ্যদা দিয়া নাই বুলি অভিযোগ উত্থাপন কৰে৷