newsnextone.com | গুৱাহাটীঃ অসমত অনুসূচিত জাতিৰ নামত ভুৱা প্ৰমাণ পত্ৰ উলিয়াই অনা অনুসূচীত লোকে চাকৰিকে ধৰি অন্যান্য সুবিধা ভোগ কৰি থকাৰ পুনৰ অভিযোগ উত্থাপন কৰে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে এক বিবৃতি যোগে অসমত বসবাস কৰা ৫০ লাখ অনুসুচিত জাতি তথা ১৬টা উপজাতিক ভাৰতীয় সংবিধানে সংৰক্ষণ ব্যৱস্থাত অন্তৰ্ভুক্ত কৰিছে যদিও প্ৰকৃত অনুসূচিত লোকে এই সুবিধা লাভ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে৷
অনুসূচিত জাতিৰ লোকৰ বাবে চৰকাৰে প্ৰতিটো বিভাগতে ৭ শতাংশ অসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে৷ সংৰক্ষিত আসনৰ চাৰি শতাংশ অনা অনুসুচিত জাতিৰ লোকে অনুসুচিত জাতিৰ প্ৰমাণ পত্ৰ লৈ সুবিধা গ্ৰহণ কৰি আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷