newsnextone.com | গুৱাহাটীঃ অসমত অনুসূচীত জাতিৰ নামত ভুৱা প্ৰমাণ পত্ৰ উলিয়াই অনা অনুসূচীত লোকে চাকৰিকে ধৰি অন্যান্য সুবিধা ভোগ কৰি থকাৰ পুনৰ অভিযোগ উত্থাপন কৰে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে এক বিবৃতি যোগে অসমত বসবাস কৰা ৫০ লাখ অনুসুচিত জাতি তথা ১৬টা উপজাতিক ভাৰতীয় সংবিধানে সংৰক্ষণ ব্যৱস্থাত অন্তৰ্ভুক্ত কৰিছে যদিও প্ৰকৃত অনুসূচীত লোকে এই সুবিধা লাভ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে৷

অনুসূচিত জাতিৰ লোকৰ বাবে চৰকাৰে প্ৰতিটো বিভাগতে ৭ শতাংশ অসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে৷ সংৰক্ষিত আসনৰ চাৰি শতাংশ অনা অনুসুচিত জাতিৰ লোকে অনুসুচিত জাতিৰ প্ৰমাণ পত্ৰ লৈ সুবিধা গ্ৰহণ কৰি আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷

অনুসুচিত জাতি পৰিষদ, উন্নয়ন বৰ্ডৰ বিষয়-ববীয়াৰ সৈতে বৃহত ধনৰ লেনদেন কৰি অনা অনুসূচিত লোকে অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰি চৰকাৰী-বেচৰকাৰী খণ্ডত সংৰক্ষণৰ সুবিধাসমূহ লৈ আহিছে বুলিও কয়৷ 

অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ, অসমে এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া ৰাজ্যিক পৰ্যায়ৰ জাতিগত প্ৰমাণ পত্ৰ পুনৰ নিৰীক্ষণ সমিতিক অভিযোগ দি আহিছে যদিও এই সমিতিখনে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মানি চলা নাই বুলি কয়৷ যাৰ ফল স্বৰূপে প্ৰতিবছৰে শ-শ অনা অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীয়ে অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আসনত জালিয়াতিৰে নামভৰ্তি কৰি ভাৰতীয় সংবিধানৰ সংৰক্ষিত অনুসূচিত জাতিক বঞ্চনা কৰি আহিছে৷

এনেদৰে অসমত বসবাস কৰা প্ৰকৃত অনুসূচিত জাতিৰ নিবনুৱাক সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে৷ মুখ্যমন্ত্ৰীয়ে জাতিগত প্ৰমাণ পত্ৰসমূহ পুনৰীক্ষণৰ ব্যৱস্থা কৰিব বুলি ৰাজহুৱাভাবে ঘোষণা কৰা স্বত্বেও প্ৰকৃততে সেইয়া হৈ উঠা নাই৷ এই ঘোষণা সমূহ বঞ্চিত জনতাৰ বাবে ভুৱা প্ৰতিশ্ৰুতিত পৰিণত হৈছে৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ, অসমে চৰকাৰক সকীয়াই দি জালিয়াতি কৰা ব্যক্তিসকলক কোনো মতে ৰেহাই দিয়া ন’হব বুলি কয়৷ চৰকাৰে যদি এই প্ৰসংগত কোনো পদক্ষেপ গ্ৰহণ নকৰে তেন্তে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি ভাবুকি প্ৰদান কৰে৷