newsnextone.com গুৱাহাটীঃ ক্ৰমাগতভাৱে হ্ৰাস পাইছে পেট্ৰল-ডিজেলৰ দাম৷ মূল্যবৃদ্দিয়ে একেৰাহে প্ৰায় এটা পষেক দেশবাসীক হাৰাশাস্তি কৰাৰ পিছত এতিয়া প্ৰায় এসপ্তাহ পূৰ্বে আৰম্ভ হোৱা মূল্য হ্ৰাসৰ গতি মঙলবাৰেও অবিৰত আছে৷ মঙলবাৰে পেট্ৰলত ১৪ পইচা আৰু ডিজেল ১০ পইচা প্ৰতি লিটাৰত হ্ৰাস পোৱা পৰিলক্ষিত হয়৷
আন্তঃৰাষ্ট্ৰীয় বজাৰত দাম বঢ়াৰ বাবে দাম বৃদ্ধি হৈছিল পেট্ৰল-ডিজেলৰ৷ মূল্যবৃদ্দিৰ পিছতে সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত হয়৷ মূল্যবৃদ্ধিৰ ফলত সংঘটিত হোৱা যাত্ৰীবাহী বাহনৰ ভাড়া বৃদ্ধি তথা অন্যান্য লাগতীয়াল সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধৰণ জনতাক মাধমাৰ শোধোৱা পৰিলক্ষিত হৈছিল৷
বৰ্তমানেও দেশৰ প্ৰায়বোৰ চহৰত পেট্ৰল প্ৰতিলিটাৰত ৮০তকৈ অধিক দৰত বিক্ৰী হৈ আছে যদিও সামান্য পৰিমানে হ’লেও হোৱা মূল্য হ্ৰাসে সাধাৰণ জনতাৰ মনত আশাৰ সঞ্চাৰ কৰা পৰিলক্ষিত হৈছে৷
মঙলবাৰে গুৱাহাটীত পেট্ৰল মূল্যত ১৪ পইচা হ্ৰাস হৈ ৮০.০৩ টকা প্ৰতিলিটাৰ দৰত বিক্ৰী হোৱা পৰিলক্ষিত হৈছে৷ আনহাতে ডিজেলত ১০ পইচা হ্ৰাস হৈ ৭১.৯১ টকা দৰত বিক্ৰী হৈছে৷ ইয়াৰ পূৰ্বে সোমবাৰে গুৱাহাটীত পেট্ৰল ৮০.১৭ টকা আৰু ডিজেল ৭২.০১টকা প্ৰতিলিটাৰত উপলব্ধ আছিল৷