প্ৰতীকি ফটো
প্ৰতীকি ফটো

newsnextone.com | ডিজিটেল ডেস্কঃ পেট্ৰল-ডিজেল তথা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে মাধমাৰ শোধাইছে অসমৰ ৰাইজক৷ পেট্ৰল-ডিজেল আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ হোৱাৰ পিছতো ৰাজ্যত এতিয়া ধৰোতা কোনাে নাই, মাত দিওতা কোনো নাই৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কোনো লোকে প্ৰতিবাদ কৰিলে একাংশ লোকে উভতি ধৰি কংগ্ৰেছৰ দিনত ক’ত আছিলি বুলিহে প্ৰশ্ন উত্থাপন কৰে৷

দেশৰ জনসাধৰণে সামগ্ৰীৰ আকাশলংক্ষী মূল্যবৃদ্ধি হ’বৰ বাবে বিজেপিক দলক ভোট দিছিল নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে৷ যিসকল লোকে চৰকাৰৰ মন্ত্ৰী-বিধায়কক তৈলমৰ্দন কৰি জীৱন নিৰ্বাহ কৰে তেওঁলোকৰ মতে মূল্যবৃদ্ধি ভালেই৷ কাৰণ চৰকাৰক সমৰ্থন কৰাটো তেওঁলোকৰ বাবে হৈ পৰিছে এক উন্নত ব্যৱসায়৷ কিন্তু দেশৰ জনগণে এতিয়া হাহাকাৰ কৰিব লগা হৈছে সেই কথাও সঁচা৷ 

অচ্ছে দিনৰ শ্ল’গান দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ কাৰ্যকালত অত্যাধিক মূল্যবৃদ্ধি হোৱাত সাধাৰণ লোকে মূৰে কপালে হাত দিব লগা হৈছে৷ বিগত তেন্দ্ৰীয় চৰকাৰৰ চাৰি বছৰ আৰু ৰাজ্য চৰকাৰৰ দুই বছৰীয়া কাৰ্যকালত মূল্য সৰ্বাধিক হৈছে বুলি অভিযোগ উত্থাপন হৈছে৷ সকলো সামগ্ৰীৰ দাম বৃদ্ধি কৰি এক নতুন ইতিহাস সৃষ্টি কৰি মাধমাৰ শোধাইছে ৰাইজক৷ খেতিয়ক, সাধাৰণ উদ্যোগ চলোৱা লোক, সাধাৰণ ব্যৱসায়ী, দিন হাজিৰা কৰা লোক, শ্ৰমিকে মূল্য বৃদ্ধি হোৱাৰ ফলত একপ্ৰকাৰ কোঙা হৈ পৰিছে৷

যাৰ ফলত অচ্ছে দিনৰ পৰিৱৰ্তে দেশলৈ মূল্য বৃদ্ধিৰ দিনহে আহিছে বুলি মানুহে চৰকাৰক কটাক্ষ কৰে৷ ফলত প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে দেশবাসীয়ে৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাইজে ছচিয়েল মিডিয়া যোগে মাত দি আহিছে৷ কিন্তি জাতীয় দল-সংগঠনে এই ক্ষেত্ৰত সম্পূৰ্ণ নীৰৱ৷ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ কাৰ্যকালত সৰ্বকালৰ অভিলেখ ভংগ কৰি দেশৰ জনতাক প্ৰচণ্ড মাধমাৰ শোধাই ধাৰাবাহিক মূল্য বৃদ্ধি হোৱাত দেশৰ সাধাৰণ জনগণে হাহাকাৰ কৰিব লগা হয়৷

আনহাতে অসমত আলু আৰু পিয়াজৰ মূল্য বৃদ্ধিয়ে ৰাইজক কোঙা কৰিছে৷ অধিক দাম ভৰিব লগীয়া হৈছে সাধাৰণ জনতাই৷ আলু পিয়াজৰ মূল্য বৃদ্ধিক লৈ হতাশাত ভুগিছে সাধাৰণ জনতা৷ বিগত এটা মাহতে আলু-পিয়াজৰ আকাশলংঘী দাম বঢ়াৰ লগতে শেহতীয়াকৈ একেটা মাহতে বৃদ্ধি পাইছে ১৫ টকা পৰ্যন্ত আলু-পিয়াজৰ দাম৷ 

একাংশ ব্যৱসায়ীয়ে গৰমৰ দোহাই দি ইচ্ছা অনুসৰি দিনে দিনে দাম বৃদ্ধি কৰি আহিছে৷ অসমৰ প্ৰায় সংখ্যক দিন হাজিৰা কৰি অথবা দিনটো পৰিশ্ৰম কৰি নিত্য ব্যৱহাৰ্য সামগ্ৰী এতিয়া কিনিবলৈ অসমৰ্থ৷ হাতত টকা নথকাৰ বাবেই জুৰুলা হৈ পৰিছে৷ তেনে স্থলত আলু-পিয়াজৰ মূল্য বৃদ্ধিক লৈ চিন্তাৰ দিন কটাবলগীয়া হৈছে সাধাৰণ জনতাই৷ নেতা সমূহে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সাধাৰন জনতাক দিয়া পণ্যসামগ্ৰীৰ মূল্য হ্ৰাসৰ প্ৰতিশ্ৰুতি এতিয়া অসাৰ প্ৰতিপন্ন হৈছে৷

নিৰ্বাচনৰ প্ৰাকক্ষণত ভোটৰ লালসাত মিছা প্ৰতিশ্ৰুতিৰে সাধাৰণ লোকক বিভ্ৰান্ত কৰিলে চৰকাৰৰ নেতা-পালিনেতাসকলে৷সাধাৰণ জনতাৰ ওপৰত চৰকাৰৰ আস্থা কিমান এতিয়াই প্ৰমাণ হৈছে৷ বস্তুৰ মূল্য বৃদ্ধি কৰি থকাৰ পিছতো চমক সৃষ্টি কৰি ফটো তোলাত ব্যস্ত হৈ আছে মন্ত্ৰী-বিধায়ক৷