গুৱাহাটীঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদত উত্তাল হ’ল গুৱাহাটী মহানগৰীৰ ন’মাইল অঞ্চল৷ আমচাং অভয়াৰণ্যত ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ বিৰুদ্ধে ৰাজ পথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক৷ পুৱাৰে পৰা উচ্ছেদ অভিযানৰ বিৰুদ্ধে সমবেত হোৱা হাজাৰ হাজাৰ লোকে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি ক্ষোভ ব্যক্ত কৰে৷
প্ৰতিবাদৰ নেতৃত্ব দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ধৈৰ্য্য কোঁৱৰে। থলুৱাক উচ্ছেদ বন্ধ কৰাৰ দাবীত হাজাৰ হাজাৰ লোক ওলাই অহাত প্ৰশাসনে সেও মানে৷ কামৰূপ জিলা প্ৰশাসনে প্ৰতিবাদকাৰীৰ উগ্ৰমুৰ্ত্তী দেখি উচ্চেছ বন্ধ কৰাৰ কথা ঘোষণা কৰিবলৈ বাধ্য হয়৷