খাৰুপেটীয়াঃ আৰক্ষীৰ গুলীত দুগৰাকী থলুৱা যুৱক নিহত হোৱাৰ পিছৰে পৰা ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া-প্ৰতিবাদ অব্যাহত আছে৷ থলুৱাৰ ভূমি নাগালেণ্ডক গতাই ৰাজনৈতিক বৈতৰণি পাৰ কৰিব খোজা কাৰ্যৰ প্ৰতিবাদ আৰম্ভ হৈছে ৰাজ্যজুৰি৷ বিগত ২৫ জানুৱাৰীত ডিমা হাচাও জিলাৰ মাইবং ৰেল ষ্টেছনত প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে চলোৱা গুলীত নিহত দুজনকৈ যুৱকক ন্যায় প্ৰদানৰ দাবীত দৰং জিলাৰ খাৰুপেটীয়াত ৰাইজ ৰাজ পথলৈ ওলাই আহে৷
যোৱা ২৫ জানুৱাৰীত ডিমা হাছাও জিলাৰ মাইবঙত ফ্রন্টিয়াৰ নাগালিমত ডিমা হাচাওতক অন্তৰ্ভুক্ত কৰাৰ কথা প্ৰচাৰ হোৱাৰ পিছতেই প্ৰতিবাদ কৰিবলৈ ওলাই অহা লোকৰ ওপৰত বৰ্বৰ ভাৱে গুলীচালনা কৰাত দুজনকৈ নিৰীহ লোকৰ মৃত্যু হোৱাৰ ঘটনাৰ বিৰুদ্ধে দৰং জিলা আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰে। বৰ্বৰ কাণ্ডত নিহত সকলৰ আত্মাৰ সদগতিৰ বাবে দেওবাৰে সন্ধিয়া খাৰুপেটীয়াত বন্তি প্ৰজ্বলন কৰাৰ লগতে প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।